ছাত্ৰ-ছাত্ৰীৰ
মাজত ভ্ৰমণৰ আৱশ্যকতা
মানুহে নজনাটো জানিবলৈ,নেদেখা বস্তু
চাবলৈ বিশেষ উদ্দেশ্য অনাগত ৰাখি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱাটোক ভ্ৰমণ
বোলে।নিজৰ দেশৰ এখন ঠাইৰ পৰা আন ঠাইলৈ বা এখন দেশৰ পৰা আন এখন দেশলৈ যোৱাটোকে দেশ
ভ্ৰমণ বোলে।দেশ ভ্ৰমণ শিক্ষাৰ এটি অঙ্গ।কিতাপ অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ যি
জ্ঞান হয় বাস্তৱত নিজ চকুৰে বিভিন্ন ঠাই দেখা পালে জ্ঞানৰ পৰিসৰ অধিক বৃদ্ধি
হয়।শিক্ষাৰ ক্ষেত্ৰত ভ্ৰমণৰ উপকাৰিতা আৰু উপযোগিতা সৰ্বাধিক।ভ্ৰমণে ছাত্ৰ-ছাত্ৰীক
পুথিগত তাত্তিক বিদ্যাক বাস্তৱ আৰু ভূগোলৰ পুথিত পোৱা জ্ঞান সেই সেই ঠাইবোৰ নিজৰ
চকুৰে চালেহে যথাৰ্থতে সম্পূৰ্ণ হয়।পৃথিৱীৰ উন্নত দেশসমূহ বিজ্ঞান,কাৰিকৰী শিক্ষা
আৰু উন্নয়নশীল দেশ সমূহ ভ্ৰমণ কৰাটো দৰকাৰ।বিভিন্ন লোকৰ ভ্ৰমণৰ উদ্দেশ্য
বিভিন্ন।কোনোৱে নয়ন তৃপ্তিৰ বাবে,কোনোৱে শিক্ষা আৰু জ্ঞান লাভৰ বাবে,কোনোৱে
ৰত্নৰাজিৰ অনুসন্ধানৰ বাবে,কোনোৱে আৱিস্কাৰৰ আগ্ৰহত কোনোৱে ভ্ৰমণৰ বাবে ভ্ৰমণ কৰে।
আজিকালি চৰকাৰৰ পৰিচালনাত চৰকাৰী
ভ্ৰমণৰো ব্যৱস্থা কৰা হৈছে।বৰ্তমান চৰকাৰৰ জ্ঞানজ্যোতি আঁচনিৰ জৰিয়তে বহুবাৰ
ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ বুৰঞ্জী প্ৰসিদ্ধ ঠাইবোৰ চোৱাৰ সুবিধা
পাইছে।ভ্ৰমণে ছাত্ৰী-ছাত্ৰীক নয়ন তৃপ্তিৰ লগে লগে জ্ঞান লাভ কৰাত সহায় কৰে।শিক্ষাৰ
পৰিপূৰ্ণতা লাভৰ বাবে ছাত্ৰ-ছাত্ৰীৰ দেশ ভ্ৰমণ কৰাটো অতি প্ৰয়োজনীয় বিষয়।
পুৰণি কালত দেশ ভ্ৰমণ কৰাটো বৰ বিপদজনক আছিল।সেই সময়ত ৰাষ্টা-ঘাট আৰু যান বাহনৰ ভাল ব্যৱস্থা নাছিল।তথাপি অনুসন্ধান থকা মনৰ লোকে বিভিন্ন ঠাই,বিভিন্ন দেশ ভ্ৰমণ কৰি নিজৰ অভিজ্ঞতাখিনি টোকা আকাৰে লিখি থৈ গৈছিল।চীনা পৰিব্ৰাজক হিউৱেন চাং,ফাহিয়ান,ইবনবটুতা আদি পৰ্যটক সকলে ভাৰতলৈ আহি ভাৰতৰ সভ্যতা আৰু সংস্কৃতি সম্যক জ্ঞান লাভ কৰি নিজৰ দেশৰ উন্নয়ন সাধনত যথেষ্ট অৰিহণা যোগাইছিল।দুঃসাহসিক ভূপৰ্যটক কলম্বাচ,ভাস্কো-ডা-গামা,কাপ্তম কুক আদিৰ পৰ্যটনৰ ফলত পৃথিৱীৰ নানা দুৰ্গম ঠাই আৱিস্কাৰ হৈছিল।
দেশ
ভ্ৰমে ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট উপকাৰ সাধন কৰে।নেদেখা ঠাই চাবলৈ ইচ্ছা কৰাটো মানুহৰ
জন্মগত প্ৰবৃত্তি।ভ্ৰমণৰ দ্বাৰা এই হেঁপাহ পূৰ হয়।ভ্ৰমণ কৰিলে মানুহে নেদেখা ঠাই
দেখাৰ লগতে সেই ঠাইৰ মানুহৰ মাজত মিলা-প্ৰীতি,নানান ৰীতি-নীতি,সভ্যতা-সংস্কৃতি
আদিৰ বুজ লব পাৰে।ভ্ৰমণে মানুহৰ সংকীৰ্ণতা ভাৱ দূৰ কৰে।দেশ ভ্ৰমণৰ জৰিয়তে
দেশ-বিদেশৰ উন্নত কৃষি,শিল্প বাণিজ্য আদিৰ অভিজ্ঞতা লাভ কৰিব পাৰি আৰু দেশত যথাযথ
ব্যৱস্থা কৰি নিজৰ দেশক উন্নতিৰ পথত আগবঢ়াই নিব পাৰি।যি ঠাইত ভ্ৰমণকাৰীৰ বাবে
আৱশ্যকীয় বস্তু-বাহানি যোগান ধৰাৰ ব্যৱসায় কৰি যথেষ্ট লাভৱান হ’ব
পাৰে।কাশ্মীৰ,চুইজাৰলেণ্ড,থাইলেণ্ড,হংকং আদি ঠাইসমূহ চাবলৈ দেশ বিদেশৰ নানা পৰ্যটক
সমাগম হয়।
উন্নয়নশীল
দেশৰ শিক্ষাৰ্থীসকল বাস্তৱ অভিজ্ঞতা লাভৰ বাবে নানা দেশ ভ্ৰমণ কৰে।নিজৰ দেশতো
বহুটো বুৰঞ্জীপ্ৰসিদ্ধ ঠাই আৰু তীৰ্থস্থান আছে সেইবোৰ নিজ চকুৰে চালে যথেষ্ট
বাস্তৱ অভিজ্ঞতা লাভ কৰিব পাৰি।পুৰণি কালত ভাৰতৰ বিশিষ্ট সমাজ সংগঠক আৰু
ধৰ্মগুৰুসকলে ভাৰতবৰ্ষত থকা প্ৰসিদ্ধ তীৰ্থস্থান সমূহ প্ৰায়ে দৰ্শন কৰিছিল।আমাৰ
গুৰুজনা শ্ৰীমন্ত শঙ্কৰদেৱেও বাৰ বছৰ ধৰি বিভিন্ন তীৰ্থস্থানবোৰ পৰিভ্ৰমণ কৰি নানা
জ্ঞান লাভ কৰিছিল।
ভ্ৰমণৰ পৰা অন্য শুভ ফলো লাভ কৰিব
পাৰি।ভ্ৰমণৰ ফলত ভ্ৰমণ সাহিত্যৰ সৃষ্টি হয়।ভ্ৰমণ কাহিনী সাহিত্যৰ এটি বিশিষ্ট
অঙ্গ।সেয়ে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা আৰু আনন্দ একেলগে উপভোগ কৰি বাস্তৱ জ্ঞান লাভৰ
বাবে দূৰ-দূৰণিলৈ যাব নোৱাৰিলেও নিজৰ দেশত বা নিজৰ ৰাজ্যত থকা ইতিহাস প্ৰসিদ্ধ ঠাই
ভ্ৰমণ কৰা নিত্যান্ত প্ৰয়োজন।
অতি
পুৰণি কালৰ পৰা মানুহে ভ্ৰমণৰ সোৱাদ লাভ কৰি নিজৰ আৰু সমাজৰ কল্যাণ সাধনৰ চেষ্টা
কৰি আহিছে।সেই সময়ত যাতায়তৰ সুবিধা নথকা স্বত্বেও নিজৰ জীৱন বিপন্ন কৰি নানা গিৰি
গুহা,মৰু-প্ৰান্তৰ,পদ যাত্ৰাৰে দেশ-দেশান্তৰ ভ্ৰমণ কৰিছিল।কত পৰ্যটকৰ জীৱন ভ্ৰমণত
হিংস্ৰ জন্তুৰ আক্ৰমণত মৃত্যুমুখত পৰিবলগীয়া হৈছিল,তাৰ হিচাপ কোনে দিব।বৰ্তমান
সময়ত নানা যান-বাহনৰ আৱিস্কাৰে দেশভ্ৰমণক দ্ৰুততৰ আৰু আৰামদায়ক কৰি তুলিছে।
আধুনিক
জগতত যিমানে শিক্ষাৰ প্ৰসাৰ ঘটিছে সিমানেই দেশ ভ্ৰমণৰ মূল্য বৃদ্ধি পাইছে।বৰ্তমান
যিহেতু চৰকাৰে ভ্ৰমণৰ নানা সুবিধা দিছে সেয়ে ছাত্ৰ-ছাত্ৰীসকলে স্কুল কৰ্তৃপক্ষৰ
লগত যোগাযোগ কৰি চৰকাৰৰ পৰা ভ্ৰমণৰ সুবিধা পালে ছাত্ৰ-ছাত্ৰীয়ে উক্ত সুবিধা গ্ৰহণ
কৰিব লাগে।ভ্ৰমণে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পাৰস্পৰিক সহিষ্ণুতা আৰু সহযোগিতাৰ ভাব
জগাই তুলি বিশ্ব শান্তিৰ প্ৰতিষ্ঠাত যথেষ্ট অৰিহণা যোগাব পাৰে।দেশ ভ্ৰমণে যিহেতু
ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে,সেয়ে বিদ্যালয়,মহাবিদ্যালয়ৰ
ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ জীৱনতে অধ্যয়নৰ লগতে বিভিন্ন দেশ ভ্ৰমণ কৰি জ্ঞানৰ পৰিসৰ
বৃদ্ধি কৰাটো প্ৰয়োজন।
-অমৃত চন্দ্ৰ নাথ,অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক

0 Comments