পোন প্ৰথমবাৰৰ বাবে www.withpsb.in
য়ে এক বিশেষ অনুষ্ঠান আয়োজন কৰিছে।
যাৰ নাম হৈছে- “কথোপকথন”
ইয়াত বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত থকা তেওঁলোকৰ স্মৃতি দৈনন্দিন
জীৱনৰ উপৰিও তেওঁলোকৰ সফলতাৰ আঁৰত থকা কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিম।
বিভিন্ন ধৰণৰ প্ৰশ্নৰে সুন্দৰ বাৰ্তা এটা ৰাইজলৈ বুলি
আগবঢ়োৱাৰ চেষ্টাৰে এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে।
আশা কৰোঁ আপোনালোকে ভালপাব আৰু ভাললগাখিনি আনৰ সৈতে ভাগ-বতৰা
কৰিব বুলি আমাৰ বিশ্বাস।
প্ৰথমবাৰৰ বাবে আমাৰ অনুষ্ঠানটিত আছে ২০২৩ বৰ্ষত উত্তীৰ্ণ
প্ৰাৰ্থী বৰ্তমান কম্পিউটাৰ অপাৰেটৰ,বিধান বিভাগ,অসম সচিবালয়ৰ তৃতীয় বৰ্গৰ হিচাপে কৰ্মৰত শ্ৰীমান ধ্ৰুৱ জ্যোতি
কলিতা।
আহকচোন তেওঁনো ADRE ৰ বাবে কেনেকৈ প্ৰস্তুতি
চলাইছিল সেই বিষয়ে কিছু কথা জানোঁ...
১. ADRE পৰীক্ষাৰ বাবে আপুনি কেনেকৈ প্ৰস্তুতি চলাইছিল?
-মই ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত যোৱা কিছুবছৰ ধৰি কৰ্মৰত। ইয়োৰোপৰি ঘৰুৱা টিউচনো কৰা হয়। তেনেকৈয়ে প্ৰস্তুতি হৈ গৈছিল।২০২০ চন মানৰ পৰা APSC CCE পৰীক্ষাৰ বাবেও ঘৰতেই নিজাকৈ প্ৰস্তুতি চলাইছিলোঁ। ই মোক ADRE ৰ প্ৰস্তুতিটোত সহায় কৰিছিল।
২.দৈনিক কিমান ঘন্টা পঢ়িছিল ?
-তেনেকুৱা ধৰা বন্ধা নাই যদিও দৈনিক কৰ্মক্ষেত্ৰৰ অধ্যয়ন বাদ
দি ৪-৫ ঘন্টা পঢ়া হৈছিল।
৩.আপুনি কোনো নিৰ্দিষ্ট time table অনুসৰণ কৰিছিলনে ?
-বিশেষ টাইম টেবুল নাছিল যদিও পৰীক্ষাৰ এমাহমান আগৰ পৰা টিউচন
আৰু স্কুলৰ পৰা অব্যাহতি লৈ পঢ়াত মনোনিৱেশ কৰিছিলোঁ।
৪.কোনবোৰ বিষয় আপোনাৰ বাবে সহজ আছিল আৰু কোনবোৰ কঠিন ?
-মই যিহেতু বিজ্ঞান শাখাৰ গতিকে গণিত মোৰ বাবে উজু । APSC ৰ Preparation ৰ
বাবে GK ও কম বেছি পৰিমাণে সহজ পাইছিলোঁ।
৫.General Knowledge/Current Affairs আপুনি কেনেকৈ প্ৰস্তুতি
কৰিছিল ?
-GK মই ষষ্ঠ শ্ৰেণীৰ পৰা
দশম শ্ৰেণীৰ সমাজ অধ্যয়ন আৰু বাকী NCERT ও চাইছিলোঁ,APSC ৰ ষ্টেণ্ডাৰ্ড
কিতাপবোৰৰ সৈতে যিহেতু মোৰ প্ৰস্তুতি APSC কেন্দ্ৰিকহে আছিল।
Current Affairsৰ বাবে E-kuhipathৰ Monthly free magazine আৰু Youtubeৰ বিভিন্ন ভিডিঅ চাইছিলোঁ। SPM IAS Academy ৰ Daily News paper
analysis প্ৰায়েই চোৱা হয়।
৬.Mock Test বা Previous Year Paper আপুনি দিছিলনে?যদি দিছিল তাৰ পৰা কি শিকিলে ?
-Mock test মই E-kuhipathৰ পৰা লৈছিলোঁ। ই মোক Time
management option আদি বাচি উলিওৱাত সহায় কৰিলে।
৭.যেতিয়া মনোযোগ ভঙ্গ হয়, তেতিয়া আপুনি কেনেকৈ পুনৰ motivate
হৈছিল ?
-মনোযোগ ভংগ হ’লে মই motivate হ’বলৈ Geeta Gyan বা মহাভাৰতত জ্ঞান-যোগ, কৰ্ম-যোগ আৰু ভক্তি-যোগ বিষয় শুনিছিলোঁ।
৮.Revision কেনেকৈ কৰিছিল ?
-Revision কৰিবলৈ মই বিশেষকৈ বহীত লিখা নাছিলোঁ। Revisionতকৈ মই ADRE ৰ বাবে সেই বিশেষ পাঠ বা বিষয়ভিত্তিক টেষ্ট দিছিলোঁ যেনে
Lucent Gk ৰ Objective কিতাপখনৰ পৰা।
৯.চূড়ান্ত পৰীক্ষাৰ আগদিনত আপুনি কেনেকৈ সময় ব্যৱস্থাপনা
কৰিছিল ?
-মই দৈনিক ১২ৰ পৰা ১৪ ঘন্টা পৰ্যন্ত পঢ়িছিলোঁ।বিশেষ সময়
অপব্যয় কৰিব পৰা নাছিলোঁ যিহেতু একেলগে APSC preliminary পৰীক্ষাৰ
বাবেও লাগি আছিলোঁ।
১০.Group Study কৰিছিল নে যদি কৰিছিল তাৰ পৰা লাভ
কি হৈছিল ?
-হয় কৰিছিলোঁ।লাভ হৈছিল। কথাবোৰ সোনকালে মনত ৰৈছিল আৰু Competition ৰ ভাৱ জাগ্ৰত
হৈছিল নজনাকৈয়ে। Drawbacks-জনাৰ সুযোগ পাইছিলোঁ।
১১Preparation সময়ত আপোনাৰ কিবা ভুল হৈছিলনে ?
-ভুল বুলি ক’ব নোৱাৰিম,যিহেতু মই দুবাৰ ADRE Grade III ৰ দুয়োবাৰেই উৰ্ত্তীৰ্ণ
হৈছিলোঁ। তথাপি ইংৰাজী প্ৰস্তুতিত মই গতানুগতিক গ্ৰামাৰৰ বিপৰীতে কিছু Guwahati high courtৰ পেপাৰ কৰা হ’লে বেছি ষ্টেণ্ডাৰ্ড
মিট কৰিব পাৰিলোঁহেতেন।
Computerৰ Practice আৰম্ভ কৰোঁতেও পলম হৈছিল।
১২.Online resource(You tube, Telegram etc. ব্যৱহাৰ
কৰিছিলনে ?
-হয়। YouTube বাদ দি ভাবিবই নোৱাৰি। Telegram ত কুইজ খেলিছিলোঁ প্ৰায়েই
টপিকৰ ওপৰত গ্ৰুপবোৰত।
১৩.ADRE পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰোঁতে আপোনাৰ
মনত প্ৰথমে কি ভাৱনা আহিছিল ?
-এইবাৰ মই চাকৰিটো ল’বই লাগিব।যিহেতু বয়স বহুত বেছি হৈ গৈছিল।
১৪. আপোনাৰ মতে এই পৰীক্ষাত সাফল্য লাভ কৰিবলৈ আৰম্ভণিৰ সময়ত
কি কি জানি লোৱাটো অতি প্ৰয়োজন ?
-প্ৰথমে নিজৰ কমজোৰ বিষয় জানিব লাগিব। যিহেতু ইটো এটা competitive Exam ইয়াত
কোনো কমজোৰৰ স্কপ নাই। দ্বিতীয়তে Syllabus সম্পৰ্কে Detailed হিচাপে
উলিয়াই সকলোখিনি clear কৰিব লাগিব।
১৫.আপুনি প্ৰথমে কোন বিষয়বোৰত অধিক গুৰুত্ব দিলে আৰু কিয় ?
-মই Reasoning আৰু English ত গুৰুত্ব দিলোঁ। বাকী GK আৰু Maths মোৰ বাবে strong point আছিল।
১৬.সময় ব্যৱস্থাপনা(time management) কেনেকৈ
কৰিছিল ?
-পৰীক্ষাৰ এমাহ আগলৈ স্কুলৰ শিক্ষকতা আৰু টিউচন বাদ দি দৈনিক
৪ৰ পৰা ৫ঘন্টা আৰু পাছলৈ এমাহ থকাত ১২ৰ পৰা ১৪ ঘন্টা মান পঢ়িছিলোঁ।
১৭.আপুনি অধ্যয়নৰ সময়ত মনোযোগ কেনেকৈ ৰক্ষা কৰিছিল ?
![]() |
| Computer Operator Legislative Department,Assam Secretariat |
-মনযোগৰ বাবে যোগাসন কৰোঁ।পানী খাওঁ মগজু ভালকৈ চলিবৰ
বাবে। পৰীক্ষাৰ ২মাহ মান আগৰ পৰা ফেচবুক দৰে এপ বোৰ মোৰ Activate নাছিল।নামঘৰত
প্ৰায়েই প্ৰাৰ্থনা কৰিছিলোঁ।
১৮.আপুনি কি Handwritten notes বনাইছিলনে? যদি বনাইছিল-তাৰ সুবিধা কি হৈছিল ?
-Reasoning ৰ কিছুমান টপিকৰ practice নোট আৰু
APSC ৰ Syllabus ভিত্তিক কিছু নোটৰ বাহিৰে বিশেষ নোটছ নাছিল।
১৯.আপোনাৰ মতে অধ্যয়নৰ সময়ত বিশ্ৰাম আৰু স্বাস্থ্য কিমান
গুৰুত্বপূৰ্ণ ?
-হয়।বিশ্ৰাম জৰুৰী।মই দৈনিক ৬ ঘন্টামান
শুইছিলোঁ।স্বাস্থ্যৰক্ষাৰ বাবে ব্যায়াম আৰু পৰিমিত আহাৰে প্ৰস্তুতিত নতুন শক্তিৰ
যোগান ধৰে।
২০.Previous year question paper বিশ্লেষণ কৰি
আপুনি কি ধৰণৰ pattern বুজিলে ?
-মই প্ৰথমবাৰ ADRE পাছ কৰোঁতে কোনো আগৰ পেপাৰ নাছিল।এইবাৰ
ADRE ৰ পেপাৰ মই বিশেষ চোৱা নাছিলোঁ। কেৱল ঘৰৰ ওচৰত ভাল পোষ্ট এটা পোৱাৰ বাবেহে দিছিলোঁ,গতিকে
মই পেপাৰ হিচাপে APSC ৰ Departmental পৰীক্ষাবোৰৰ GK পেপাৰবোৰ follow কৰিছিলোঁ। ই চলিত
patternজনাত সহায় কৰিছিল।
২১. আপোনাৰ পৰিয়াল বা বন্ধুবৰ্গৰ পৰা কেনেকুৱা ধৰণৰ সহায়
পাইছিল ?
-হয়।পৰিয়াল আৰু বন্ধুবৰ্গৰ সহায়ৰ বাবেই মই আজি দুবাৰকৈ সফলতা
পাবলৈ সক্ষম হ’লোঁ।
মা-দেউতাই
ঘৰুৱা কাম-কাজৰ পৰা কিছুদিন আঁতৰাই ৰাখিছিল। বন্ধু-বৰ্গই বিশেষকৈ Group Study ত অনুপ্ৰেৰণাৰ
কাম কৰিছিল।
২২.আপোনাৰ মতে এই পৰীক্ষাত সফল হ’বলৈ
মানসিক শক্তি আৰু অধ্যৱসায়ৰ কি ভূমিকা আছে ?
-হয় ।মানসিক শক্তি লাগিবই। মই আত্মবিশ্বাসী আছিলোঁ যে পাবই
লাগিব কিন্তু নাপালেও মোৰ শিক্ষকতাৰ বাবে TET Qualify
কৰি থৈছিলোঁ।
অধ্যাৱসায়
জৰুৰী। ইমান Competitionৰ মাজত জিলিকিবলৈ কষ্ট কৰিবই লাগিব। ভিৰৰ পৰা আঁতৰত নিজৰ প্ৰস্তুতি
তুংগত ৰাখিব লাগিব।
২৩.যিসকল ADRE এতিয়া
পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকক আপুনি কি কি উপদেশ দিব বিচাৰে ?
-syllabus follow কৰক।পৰীক্ষাৰ ডিমাণ্ডটো বুজক। ম’ক টেষ্ট দিয়ক। আত্মবিশ্বাসী
হওঁক। উৰাবাতৰি যেনে চাকৰিৰ বজাৰৰ দৰে কথাৰ পৰা আঁতৰি অধ্যয়ন কৰক ভাল হ’বই।
২৪.এই সাফল্যৰ পাছত আপোনাৰ আগন্তুক লক্ষ্য কি ?
-মই একেৰাহে তিনিবাৰ APSC CCE
Prelims উত্তীৰ্ণ হ’লোঁ যদিও তাতকৈ Mains ত আগুৱাব পৰা নাই।এইবাৰ
Mainত বহিছোঁ । ভগবানে বিচাৰিলে Civil Servant হোৱাৰ সপোন পুহি ৰাখিছোঁ।


0 Comments