কামৰূপ-কমতা ৰাজ্যৰ খেন বা খ্যান ৰাজবংশ

 

কামৰূপ-কমতা ৰাজ্যৰ খেন বা খ্যান ৰাজবংশ

খেন বা খ্যান বংশৰ প্ৰতিষ্টা কৰিছিল নীলধ্বজে।তেওঁ প্ৰায় ১৪৪০ খ্ৰী মানত ৰজা হৈছিল।

নীলধ্বজৰ ৰাজধানী আছিল কমতাপুৰ।

নীলধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক চক্ৰধ্বজ কমতাপুৰৰ সিংহাসনত উঠিছিল।তেওঁ ১৪৬০ ক্ৰী মানত  ৰজা হৈছিল।এইজন ৰজাই কমতাপুৰত কমতেশ্বৰী মন্দিৰ সজাইছিল।

The Khen or Khyan dynasty of the Kamrup-Kamta kingdom
চক্ৰধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক নীলাম্বৰ কমতা ৰাজ্যৰ ৰজা হয়।তেওঁ খ্যান বংশৰ তৃতীয় আৰু শেষ ৰজা।

নীলাম্বৰৰ ৰাজত্ব কালত বংগৰ নবাব হুছেইন ছাহে ১৪৯৮ খ্ৰীত কমতাৰাজ্য আক্ৰমণ কৰিছিল।ইয়াৰ ফলত কমতাপুৰ ধ্বংস হৈছিল।

হুচেইন চাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল যদিও বহুদিনলৈকে কমতাপুৰৰ দুৰ্গ অবৰোধ কৰিব পৰা নাছিল।কেইবছৰমান তেনেকৈয়ে থকাৰ পিছত তেওঁ এটা বুদ্ধি পাঙিলে।নবাবে নীলাম্বৰলৈ খবৰ পঠিয়ালে যে তেওঁ এতিয়া নিজৰ ৰাজ্যলৈ উভতি যাব বিচাৰিছে।কিন্তু উভতি যোৱাৰ আগতে তেওঁৰ বেগমে নীলাম্বৰৰ ৰাণীক এবাৰ দেখা কৰিবলৈ বিচাৰে।নীলাম্বৰে নবাবৰ কথা বিশ্বাস কৰিলে আৰু তেওঁৰ অনুৰোধ ৰাখিবলৈ মান্তি হল।বুছেইন ছাহে বেগমৰ লগত পঠোৱাৰ ছল কৰি তিৰোতাৰ বেশত বহুত মুছলমান সৈন্য দোলাত উঠাই দুৰ্গৰ ভিতৰলৈ পঠিয়াই দিলে।মুছলমান সেনাই এইদৰে এক অবাৱনীয় কৌশলৰে কমতাপুৰ দুৰ্গ অধিকাৰ কৰিলে।নীলাম্বৰো শত্ৰুৰ হাতত বন্দী হল।তেওঁ পিছত কেনেবাকৈ বন্দীশালৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল।

দানিয়েলঃ

খেন বংশক উচ্ছেদ কৰাৰ পিছত নবাব হুছেইন ছাহে পুতেক দানিয়েলক কমতাপুৰৰ শাসনকৰ্তা পাতিলে।নবাবে লাহে লাহে কমতাৰাজ্যৰ অধীনৰ ভূঞাসকলে নিজৰ অধীনলৈ আনিলে আৰু সমগ্ৰ কামৰূপ-কমতা দখল কৰি ললে।তাৰ পিছত তেওঁ দানিয়েলক কমতাপুৰৰ পৰা হাজোলৈ আনিলে।হাজোত থাকি দানিয়ে কমতা ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰিলে।দানিয়েল অৱশ্যে সৰহ দিন শাসন কৰিবলৈ পোৱা নাছিল।

১৫১৮ খ্ৰীত হুছেইন ছাহৰ মৃত্যু হয়।

হুছেইন ছাহে কমতা ৰাজ্য অধিকাৰ কৰাৰ সময়ত অহা বহুত মুছলমান মানুহ হাজো আৰু তাৰ ওচৰে-পাজৰে ৰৈ গৈছিল।তেওঁলোকৰ মাজত গিয়াছুদ্দিন আউলিয়া নামে পীৰ এজনো আছিল।এই পীৰজনে হাজোত এটা মছজিদ সজাইছিল।মৃত্যুৰ পিছত গিয়াছুদ্দিন আউলিয়াক তাৰ ওচৰতে কবৰ দিয়া হৈছিল।তেতিয়াৰ পৰাই দৰগাহ ৰূপে গিয়াছুদ্দিন আউলিয়াৰ কবৰত তীৰ্থ কৰাৰ এটা পৰম্পৰা মুছলমান সকলৰ মাজত আৰম্ভ হয়।তেওঁলোকৰ মাজত এটা বিশ্বাস আছে যে মক্কালৈ গৈ তীৰ্থ কৰিলে যি পৰিমাণৰ পুণ্য অৰ্জন হয় তাৰ এপোৱা অৰ্থা চাৰিভাগৰ এভাগ এই দৰগাগ তীৰ্থ লাভ কৰিব পাৰি।সেই কাৰণে এই তীৰ্থখনৰ আন এটা না পোৱামক্কা।পোৱামক্কা মুছলমান সকলৰ এখন পৱিত্ৰ স্থান।

Post a Comment

0 Comments