মনৰ বেমাৰ হ’লে কি কৰিব
হঠাতে কেতিয়াবা আপোনাৰ মনটো বেয়া হয় নেকি ?
বা একো এটা কৰিও আপুনি আপোনাৰ মনটো ভাল লগাব নোৱাৰে।প্ৰায়ে আপুনি কোনোবাই আপোনাৰ খবৰ কৰিলে আপুনি খং কৰে নেকি বা পৰিয়ালৰ কোনোৱে আপোনাক কিবা এটা ক’লেই আপুনি খিংখিঙাই উঠে নেকি ?
যদি আপুনি এনেধৰণৰ সমস্যাত ভূগিছে তেন্তে সেয়া আপোনাৰ
মনটোৰ বেমাৰ।আপুনি নজনাকৈ আপোনাৰ মনটো যে বেমাৰী হৈ পৰিছে সেয়া আপুনি অনুভৱ কৰা
নাই।
আমাৰ শৰীৰটোৰ দৰেকৈ মনটোৰো বেমাৰ হয়।শৰীৰ ভালে নাথাকিলে
আমি সহজতে গম পাওঁ কিন্তু মনৰ বেমাৰ হ’লে
আমি লগালগ গম নাপাওঁ।শৰীৰৰ বেমাৰ হলে আমি ডাক্তৰৰ ওচৰ চাপো মনৰ বেমাৰ হলে আমি কি
কৰিম,তাৰেই কেইটামান উপায় আপোনালোকলৈ লৈ আনিছোঁ।
১)ভয় আৰু অস্থিৰতা
২)খং-ৰাগ তথা অভিযোগ
৩)খিংখিঙীয়া ভাব আৰু ঋণাত্মকতা
৪)এডিকচন
৫)উদাসীনতা আৰু ভাগৰুৱা ভাব
৬)গভীৰ হতাশা আৰু আত্মহত্যাৰ চিন্তা
৭)অপৰাধবোধ,লজ্জাবোধ,পশ্চাতাপ
৮)ভাবনাত্মক দুৰ্বলতা
৯)সামাজিক কাম-কাজৰ পৰা আঁতৰি অহা
১০)বিশ্বাস হেৰাই যোৱা
১১)শাৰীৰিক সমস্যা
মনৰ বেমাৰৰ কাৰণবোৰ কি কি
১)অতি বেছি ঈৰ্ষা আৰু অহং ভাবেও মনটোক বেমাৰী কৰি
তোলে।কাৰোবাৰ সফলতাত বা কাৰোবাৰ জীৱন শৈলী দেখিও মনটো বেমাৰী হৈ উঠিব পাৰে।
২)মনৰ বেমাৰৰ বিভিন্ন কাৰণ বোৰ সামাজিক পাৰিবাৰিক
আৰ্থিক তথা নিজৰ ব্যক্তিত্বও জগৰীয়া হ’ব
পাৰে।
৩)হয়তো চাকৰিৰ সমস্যা অথবা নতুন চাকৰি এটা বহু চেষ্টা
কৰিও পোৱা নাই।তেনে বিভিন্ন ভয়ে মনত বাহ ল’বলৈ
ধৰে।ভৱিষ্যতৰ চিন্তা আৰ্থিক দুৰ্দশা,সমাজত তিৰস্কৃত হোৱাৰ ভয় আদি কথাই আপোনাক
নিৰাশাত ভোগালে মনটো বেমাৰী হৈ পৰে।
৪)বিবাহ আৰু প্ৰেমৰ বাবে সম্বন্ধ সমূহ ভাগি গ’লেও খুব কষ্ট হয়।এনে সময়ত স্বাভাবিক
জীৱন যাপন কৰাতো অসুবিধা হয়।এই কাৰণত ব্যক্তিগৰাকী সমাজৰ পৰা আঁতৰি আহে।নিজক লৈ
ব্যস্ত হয় আৰু এডিকচনৰ চিকাৰ হয়।
৫)কিছু সংখ্যক ব্যক্তিৰ ব্যক্তিত্বই এনেকুৱা যে অন্য
বহুজনৰ তুলনাত মানসিক আৰু ভাবনাত্মক দিশৰ পৰা যথেষ্ট দুৰ্বল হয়।তেওঁলোকে যিকোনো
নেতিবাচক অনুভৱৰ চিকাৰ হয় আৰু লগালগ মানসিকভাৱে বেমাৰী হৈ পৰে।
১)ক্ষমা কৰিবলৈ শিকক।
২)মানুহক বিশ্বাস কৰিবলৈ শিকক ।
৩)আপুনি যদি ভয় বা অস্থিৰতাৰ সন্মুখীন হৈছে,তেন্তে ইয়াৰ
আচল কাৰণ জনাৰ চেষ্টা কৰক।
৪)যদি সেই ভয় বা অস্থিৰতাৰ কোনো কাৰণ নাই,তেন্তে তাক
যুক্তিসংগত কথা-বতৰাৰে পাহৰাৰ চেষ্টা কৰক।
৫)সদায় কিছু সময় ব্যায়াম কৰক ।
৬)খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখক ।
৭)মেডিটেচন আৰু প্ৰাণায়াম কৰক ।
৮)মাজে-সময়ে নিৰ্জন ঠাইলৈ গৈ অৱসৰ যাপন কৰক ।
৯)নিজৰ মনটোক বুজাৰ যত্ন কৰক।মনৰ বেমাৰৰ পৰা পলাবলৈ
নিবিচাৰিব।ইয়াৰ মুখামুখি হওক ।
১০)স্বাস্থ্যবৰ্ধক খাদ্য খাওক,যাতে হৰমনৰ অসন্তুলন
নাবাঢ়ে।
১১)কোনো কথাক লৈ যদি মনত শংকা আহে তেন্তে সেই শংকা
কথা-বতৰাৰ মাজেৰে দূৰ কৰক।কথাবোৰ মনত সাঁচি নাৰাখিব।
১২)নতুন বন্ধু বিচাৰক।তেওঁলোকৰ সৈতে লগ হৈ যোগাত্মক
কথা-বতৰা পাতক।
১৩)নিজৰ ভাগৰ কামখিনি আনন্দ মনেৰে কৰক।
১৪)ভাল গান শুনক ভাল চিনেমা এখন চাওক ।
১৫)পৰিয়ালক সময় দিয়ক ।
মন ভালে ৰখাৰ কিছু আহাৰ
১)ডাৰ্ক চকলেটে মেজাজ ঠিক কৰি ডিপ্ৰেছন দূৰ কৰে।

0 Comments