সন্তানৰ আধ‍্যাত্মিক শিক্ষাত মাতৃৰ ভূমিকা:The role of Mothers in the spiritual education of their Children

 

সন্তানৰ আধ‍্যাত্মিক শিক্ষাত মাতৃৰ ভূমিকা:

জ্যোতি প্ৰসাদ শইকীয়া । জুৰীয়া চামধৰা

 

সন্তানৰ আধ‍্যাত্মিক শিক্ষাত মাতৃৰ ভূমিকা
       গৰাকী নাৰীৰ বাবে মাতৃ হ'ব পৰাটো গৌৰৱৰ কথা কিন্তু তাতকৈ গৌৰৱৰ কথা মাতৃত্বৰ গৌৰৱ অৰ্জন কৰি সফলতা লাভ কৰিব পৰাটোতহে । এগৰাকী মাতৃৰ সফলতা তাতেই নিহিত থাকে , 'ত সন্তানক সৎ আদৰ্শৱান সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয় ।  এগৰাকী নাৰীৰ সৎ উদ্দেশ্যই এটা জাতিৰ সামাজিক , অৰ্থনৈতিক অৱস্থা চিত্ৰণ কৰে । সন্তানক সৎ পথত আগুৱাই নিয়াত এগৰাকী মাতৃৰ দায়িত্ব , কৰ্তব্য আৰু ত‍্যগৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ । এগৰাকী মাতৃ নৈতিক আৰু আধ‍্যাত্মিক দৃষ্টিকোণৰ পৰা উন্নত হ'লেহে সন্তান তথা সমাজখন উন্নত হ'ব । আমাৰ ভৱিষ্যতজনৰ বাবে এটি সুস্থ পৰিৱেশ সৃষ্টি কৰিবলৈ হ'লে এগৰাকী নাৰীয়ে আধ‍্যাত্মিক চিন্তা-চৰ্চাৰে নিজৰ মনক সংস্কাৰমুখী কৰি তুলিব পাৰিব লাগিব । এটি সন্তানৰ জীৱন গঢ়াত বিদ্যালয়ৰ অৱদান থাকে যদিও সেই শিক্ষাৰে সন্তানে কেতিয়াও পৰিপূৰ্ণ শিক্ষা লাভ কৰিব নোৱাৰে । এটি শিশুৰ প্ৰকৃত শিক্ষা আৰম্ভ হয় ঘৰখনৰ পৰাই আৰু প্ৰকৃতাৰ্থত মাতৃগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰে সন্তানৰ ভৱিষ্যত । মই ইয়াত সন্তানৰ ভাল ভৱিষ্যত মানে সন্তান উচ্চ শিক্ষিত হওক , উচ্চ পদবীধাৰী হওক এইটো বুজাব বিচৰা নাই । আমাৰ সন্তান তথা ভৱিষ্যত প্ৰজন্ম যাতে সৎ ,সততা , শুদ্ধ চিন্তাধাৰাৰ হয় সেইটোহে আচল কথা । এগৰাকী মাতৃ ভক্তিপৰায়ণ হোৱাৰ লগতে সুশিক্ষিত , চৰিত্ৰৱান , ধৈৰ্য্যশীলা , সাহসী , উদাৰমনৰ অধিকাৰী আৰু সঠিক সময়ত উচিত সিদ্ধান্ত ল'ব পৰা ধৰণৰ হ'ব লাগে । তেতিয়াহে সন্তানৰ সন্মুখত নিজকে আদৰ্শৰূপত প্ৰতিষ্ঠা কৰি সন্তানৰ সবাংগীন বিকাশত সহায় কৰিব পাৰে । আৰু এই কথাখিনি অক্ষুন্ন ৰাখিবলৈ হ'লে আধ‍্যাত্মিক জ্ঞানৰ বাৰুকৈয়ে প্ৰয়োজন । কাৰণ আমাৰ দুৰ্জয় মনক আধ‍্যাত্মিক অনুভৱেৰে সহজে বান্ধিব পাৰি ।

         বৰ্তমান সময়ত আমাৰ সমাজৰ চালিকা শক্তি নৱপ্ৰজন্মৰ নৈতিক স্খলন ঘটিছে । এনেকুৱা নৈতিক স্খলনে যে মানৱতা ভুলুণ্ঠিত কৰিব সেইটো নিশ্চিত হৈ পৰিছে । প্ৰতিটো দিনতেই হত্যা-লুণ্ঠন ,ধৰ্ষণ , ভ্ৰষ্টাচাৰ দুৰ্নীতি আদি অপৰাধ প্ৰৱণতাই সামাজিক জীৱন কলুষিত কৰি তুলিছে । তাতকৈ ডাঙৰ কথা বৰ্তমান প্ৰজন্মই পাপ পূণ্যৰ ধাৰণা কৰিব নোৱাৰা হৈ পৰিছে , সিহঁতৰ মতে পাপ-পূণ্য এক ভ্ৰান্ত ধাৰণা । আমাৰ চিন্তাধাৰাৰ পৰাই যিহেতু আমাৰ প্ৰত‍্যকৰে নিজ নিজ মানসিকতা গঢ় লয় , সেয়েহে আমাৰ মন-মগজুত ভাল চিন্তা , সৎ বুদ্ধি , সুস্থ মানসিকতা স্থান পাবলৈ নৈতিক আৰু আধ‍্যাত্মিক জ্ঞানৰ নিত‍্যান্তই প্ৰয়োজন ।


বৰ্তমান মানৱ সমাজ যিমানেই প্ৰগতিৰ পথত ধাৱমান হৈছে সিমানেই কিন্তু মানৱীয় প্ৰমূল‍্যবোধৰ অৱক্ষয় ঘটিছে । বৰ্তমান প্ৰজন্মক এটি ঋণাত্মক চিন্তাধাৰাৰ প্ৰভাৱে যেন গ্ৰাস কৰি পেলাইছে । উদাৰ , সুস্থ মানসিক চিন্তা-চেতনাৰ পৰিৱৰ্তে আত্মকেন্দ্ৰিক চিন্তাই খুটি পুতি বহিছে । শান্তি-সমন্বয় , প্ৰগতি , ভাতৃত্ববোধ , ভয় , ভক্তি এইবোৰে সন্তানৰ মগজুত স্থান পাবলৈ হ'লে নৈতিক, আধ‍্যাত্মিক জ্ঞানৰ বাৰুকৈয়ে প্ৰয়োজন আৰু এই ক্ষেত্ৰত এগৰাকী মাতৃয়ে সুস্থ , সৱল স্থিতিৰে সন্তানক আগুৱাই নিয়াত সহায় কৰিব পাৰে । পদূলি মুখৰ পৰা পিছফালৰ চুৱাপাতনিলৈকে , ফুলনিৰ পৰা গো‍ঁসাইঘৰলৈকে , ৰন্ধা-বঢ়াৰ পৰা সন্তানৰ পঢ়া-শুনালৈ যিগৰাকী নাৰীয়ে চাব পাৰে তেওঁৰ সন্তানে এজন সু-চৰিত্ৰৱান  নাগৰিক হৈ আগুৱাই যোৱাত তেওঁ নিশ্চয়কৈ প্ৰেৰণাদায়িনীৰ ৰূপত থিয় দিবও পাৰে ।

বৰ্তমান সমাজত ক্ৰমে বাঢ়ি অহা অপকৰ্মৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ হ'লে মাতৃসকল সচেতন হোৱাৰ অতিকৈ দৰকাৰ হৈ পৰিছে । এগৰাকী মাতৃয়ে সৎ আৰু সত‍্যৰ আধাৰত নিজ সন্তানক সু-সংহত শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰিলেহে এখন স্বচ্ছ , নিকা সমাজ আশা কৰিব পাৰি । মাতৃয়ে সন্তানক বন্ধুসুলভ ব‍্যৱহাৰেৰে  সত‍্যৰ ভেটিত সজ জ্ঞান প্ৰদান কৰি  যোগাত্মক মানসিকতাৰ অধিকাৰী কৰি তুলিব পাৰে । সন্তানক নৈতিক আৰু আধ‍্যাত্মিক শিক্ষাৰে পৰিপুষ্ট কৰি তুলিবলৈ ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব লাগিব আৰু ঘৰুৱা পৰিৱেশ সুন্দৰ কৰি সন্তানক সজ , সফল ব‍্যক্তিৰূপে গঢ়ি তোলাত এগৰাকী মাতৃৰ অৱদান আমি অতীতৰ বিভিন্ন কাহিনীত পঢ়িবলৈ পাওঁ । সন্তান এটি গৰ্ভত স্থিতি লোৱাৰ পৰাই মাতৃৰ মানসিকতাৰ প্ৰভাৱ শিশুটিৰ ওপৰত পৰে । উদাহৰণ স্বৰূপে ভক্ত প্ৰহ্লাদৰ মাতৃয়ে আশ্ৰমত থাকি সদায় হৰি কীৰ্তন শুনিছিল । যাৰ ফলত ভক্ত প্ৰহ্লাদে ঈশ্বৰভক্তিৰ ঐশ্বৰিক গুণ মাতৃগৰ্ভতেই লাভ কৰিছিল আৰু আধ‍্যাত্মিক জ্ঞানেৰে এজন সু-চৰিত্ৰবান ব‍্যক্তি হিচাপে পৰিগণিত হৈছিল । এটি সন্তানে সদায়েই তেওঁৰ মাতৃগৰাকীক উচ্চ স্থান দিয়ে , বিশ্বাস কৰে আৰু মাতৃৰ আদৰ্শ অনুকৰণ কৰে । সেয়েহে এটি শিশুৰ শাৰিৰীক মানসিক আচৰণ সংযত হ'বলৈ হ'লে মাতৃগৰাকীৰ উচিত-অনুচিত ভাল-বেয়া বিচাৰ ক্ষমতা থকাৰ লগতে মাতৃগৰাকীয়ে ঘৰখনত এটি সুস্থ পাৰিপাৰ্শ্বিক পৰিৱেশ গঢ়ি তুলিব পাৰিব লাগিব আৰু এই আটাইবোৰ পাবলৈ হ'লে আধ‍্যাত্মিক চেতনাৰে এটি আধ‍্যাত্মিক পৰিৱেশ গঢ়ি সন্তানক সু-শিক্ষা দি সমাজখন সঠিক দিশত আগুৱাই নিয়াত সফলতা লাভ কৰিব পাৰিম ।

Post a Comment

0 Comments