আৰিমত্ত গড় বা বৈদ্যগড়
আৰিমত্ত গড় বা বৈদ্যগড়। ৰঙিয়া চহৰৰ পৰা প্ৰায় ২ কিঃমিঃ উত্তৰে অৱস্থিত আয়তাকাৰ আৰু অৰ্দ্ধডিম্বাকৃতিৰ সুদৃশ্যমান গড়টোৱে হ’ল আৰিমত্ত গড়।বৃহত্তৰ ৰঙিয়া মহকুমাৰ পূৱে দক্ষিণতোলা,তুলসীবাৰী,উত্তৰে চিকনীবাৰী দক্ষিণে কৰৰা,বালাগাঁও পশ্চিমে মাদৈকাটা অঞ্চল স্পৰ্শ কৰি,ৰঙিয়া মহকুমাৰ অন্তৰ্গত পাণ্ডুৰী মৌজা আৰু কাউৰবাহা মৌজাৰ মুঠ ১২খন গাঁও সামৰি ২৮৯৬০ বিঘা ১ কঠা ১৬ লেচা মাটি আগুৰি থকা এই আৰিমত্ত গড় বা বৈদ্যগড়টোক লৈ বহু কিংবদন্তি,জনশ্ৰুতি শুনিবলৈ পোৱা য়ায়।
কিছু বুৰঞ্জীবিদৰ মতে দ্বাদশ শতিকাৰ মাজভাগত কামৰূপত বৈদ্যদেৱ নামৰ ৰজা এজনে ৰাজত্ব কৰিছিল।আৰু বৈদ্যদেৱেই এই গড়টো নিৰ্মাণ কৰিছিল।বুৰঞ্জীৰ মতে বঙ্গদেশৰ পালবংশৰ ৰজা কুমাৰ পালৰ ৰাজত্ব কালত কামৰপৰ কৰতলীয়া ৰজা তিঙ্গদেৱে বিদ্ৰোহ কৰি স্বতন্ত্ৰতা ঘোষণা কৰাত ৰজা কুমাৰ পালে তেওঁৰ সেনাপতি বৈদ্যদেৱেক বিদ্ৰোহ দমন কৰিবলৈ বঙ্গদেশৰ পৰা কামৰূপলৈ পঠিয়ায়।কামৰূপলৈ আহি বৈদ্যদেৱে বিদ্ৰোহ দমন কৰাৰ উপৰি ৰজা কুমাৰ পালে তেতিয়াৰ কামৰূপৰ পশ্চিমাঞ্চল আৰু উত্তৰ অঞ্চল সামৰি বৈদ্যদেৱক ৰজা পাতে।পিছলৈ তেওঁ সমগ্ৰ কামৰূপৰ অধিপতি হয়।ৰজা বৈদ্যদেৱে (১১৩৮-১১৮৫খ্ৰী।)এই গড়টো নিৰ্মাণ কৰে বাবে এই গড়টোৰ নাম বৈদ্যগড় হয় বুলি একাংশ বুৰঞ্জীবিদে দাবী কৰে।
আনহাতে একাংশ বুৰঞ্জীবিদৰ মতে চতুৰ্দশ শতিকাৰ কামৰূপ কমতাৰ ৰজা আৰিমত্ত(১৩৬৫-১৩৮৫খ্ৰী)ৰ দ্বাৰাও এই গড়টো পুনৰ নিৰ্মাণ কৰা হৈছিল বাবে এই গড়টোৰ নাম আৰিমত্ত গড়।আনহাতে জনশ্ৰুতি মতে, আৰিমত্ত ৰজাই প্ৰথমতে গড়টো বন্ধাইছিল কিন্তু বান্ধোৱাৰ পিছত গড়টো পৰুৱাই খাব ধৰিছিল।পৰুৱাৰ উপদ্ৰৱ কমাবলৈ ৰজা আৰিমত্তই বৈদ্য এজনক মাতি আনিছিল।সেই বৈদ্যই কিছুমান ঔষধ ছটিয়াই গড়টো পৰুৱাৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিছিল সেয়েহে ৰজা আৰিমত্তই বৈদ্যজনৰ প্ৰতি সন্মান জনাই গড়টোৰ নাম বৈদ্যগড় ৰাখিছিল।
বুৰঞ্জীবিদ প্ৰতাপ চন্দ্ৰ চৌধুৰীৰ The History and Civilization of the People of Assam up to 12 Century নামৰ কিতাপখনৰ মতে বৈদ্যদেৱ আৰু আৰিমত্ত একেজন আছিল।আনহাতে বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ মতে আৰিমত্ত ৰজা বৈদ্যদেৱৰ পিছত কামৰূপত ৰাজত্ব কৰা ৰজা আছিল আৰু ৰজা আৰিমত্তই এই গড়টো বন্ধাইছিল।
আৰিমত্ত গড় বা বৈদ্যগড়টোৰ উচ্চতা সম্পৰ্কেও বহুতো কথা শুনিবলৈ পোৱা য়ায়।স্থানীয় লোকসকলৰ মতে পূৰ্বতে গড়টোৰ উচ্চতা ইমানেই আছিল যে গড়টোৰ ওপৰলৈ চালে মূৰৰ পাগুৰি সুলকি পৰিছিল।একাংশ স্থানীয় লোকৰ মতে পূৰ্বতে গড়টোৰ উচ্চতা ৬০-৭০ ফুট আছিল ১৮৯৭ চনৰ বৰ ভুঁইকপত এই গড়টো বহুখিনি বহি যায় যদিও ঠায়ে ঠায়ে ই প্ৰায় ২০-৩০ ফুট মানলৈ ওখ হৈয়ে আছে।
সম্ভাৱনাঃ আৰিমত্ত গড় বা বৈদ্য গড়টো সংৰক্ষণ কৰি অসমৰ এক উল্লেখযোগ্য পৰ্য্যাটনস্থলী হিচাপে গড় দিয়াৰ যথেষ্ট সুযোগ আছে।অসম চৰকাৰে বা পুৰাতত্ত্ব বিবাগে যদি উদ্যোগ লৈ এই গড়টো সংৰক্ষণ কৰি গড়টোৰ চাৰিওফালে পুতলা ৰেল চলোৱাৰ ব্যলস্থা কৰে বা গড়টোৰ ভিতৰতে Ecotourism ৰ ব্যৱস্থা কৰে তেনেহলে য়থেষ্টসংক্যক পৰ্য্যটক এই গড়টো চাবলৈ আগবাঢ়ি আহিব অসমৰ আন আন পৰ্য্যটনস্থলীৰ দৰে আৰিমত্ত গড় বা বৈদ্যগ়েও এক উল্লেখযোগ্য পৰ্য্যটনস্থলী ৰূপ ল’ব বুলি আমাৰ বিশ্বাস হয়।
যি কি নহওক ৰঙিয়াৰ ইতিহাসৰ বহু গৌৰৱগাঁতা বুকুত বান্ধি লৈ আজিও স্থিতপ্ৰজ্ঞৰ দৰে থিয় হৈ আছে এই আৰিমত্ত গড় বা বৈদ্যগড়।
বিঃদ্ৰঃ বল্লভা প্ৰৱাহত প্ৰকশিত..লেখক অপূৰ্ব তালুকদাৰ
0 Comments