বিদ্যালয়, শিক্ষক আৰু প্ৰধানজনৰ ভূমিকা
বিদ্যালয় বোলোতে আমি কেবাটাও স্তৰৰ বিদ্যালয় পাওঁ।
যেনে-
প্ৰি-প্ৰাইমাৰী,প্ৰাইমাৰী,উচ্চ প্ৰাইমাৰী,উচ্চ মাধ্যমিক,উচ্চতৰ মাধ্যমিক আদি।
প্ৰতিখন
বিদ্যালয়তে এজন মুৰব্বী শিক্ষক আৰু এজন বা ততোধিক সহকাৰী শিক্ষক থাকে।প্ৰতিখন
বিদ্যালয়ৰ এটি বা ততোধিক সাধাৰণ ঘৰ বা ভাল পকী ঘৰ থাকে।যিঠাইত ছাত্ৰ-ছাত্ৰীক
ভৱিষ্যত মানুহ গঢ়াৰ শিক্ষা দিয়া হয়,সুশিক্ষাৰে এজন সুনাগৰিক হোৱাৰ পথ দেখুৱাই
দিয়া হয় লগতে প্ৰধান শিক্ষক সমন্বিতে কিছুমান আদৰ্শবান শিক্ষকৰ ব্যৱস্থা আৰু
ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ সুব্যৱস্থা থাকে সেইখনকে বিদ্যালয় বুলি কোৱা হয়।একোখন
বিদ্যালয় সমাজৰ প্ৰতিচ্ছবি বা দাপোণ স্বৰূপ।দাপোণত যেনেকৈ নিজকে দেখা পোৱা যায়
সমাজ এখনৰ প্ৰতিচ্ছবিও তেনেকৈ বিদ্যালয়ৰ শিক্ষাৰ মাজেৰে প্ৰতিফলিত হয়।সমাজখন
প্ৰতিচ্ছবিও তেনেকৈ বিদ্যালয়ৰ শিক্ষাৰ মাজেৰে প্ৰতিফলিত হয়।সমাজখন যিমানে উচ্চমান
বিশিষ্চ আৰু নিকা ভাৱমূৰ্ত্তিৰ হয় সিমানে বিদ্যালয়ৰ পৰা প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীৰ
জন্ম হয়।আজিৰ ছাত্ৰ কাইলৈ নাগৰিক।ছাত্ৰই দেশৰ ধৰণী স্বৰূপ।সমাজৰ প্ৰতিজন সচেতন
নাগৰিকৰে বিদ্যালয়ৰ প্ৰতি কম বেছি পৰিমাণে দায়িত্ব আছে।বিদ্যালয় এখনৰ
সুনাম,দুৰ্নাম নিৰ্ভৰ কৰে প্ৰধানজনৰ ওপৰত,শিক্ষক সকলৰ ওপৰত আৰু সমাজৰ ওপৰত।সমাজক
একেবাৰে অন্ধকাৰত ৰাখি এজন বিদ্যালয় কেতিয়াও সৰ্বাঙ্গীন হ’ব নোৱাৰে।
বৰ্তমান যুগ হ’ল- প্ৰতিযোগিতাৰ
যুগ,প্ৰযুক্তিৰ যুগ আৰু প্ৰগতিৰ যুগ।এই যুগৰ ছাত্ৰ-ছাত্ৰীসকলে নানা প্ৰতিযোগিতাৰ
মাজেদি নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰিব লাগিব।উন্নত প্ৰযুক্তিবিদ্যাৰে নিজৰ
পাৰদৰ্শিতা দেখুৱা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ভৱিষ্যত সমাজে বহু কথা জানিব পাৰে।প্ৰাচীন
কালত ভাৰতবৰ্ষত ছাত্ৰই গুৰু গৃহত থাকি শিক্ষা লাভ কৰাৰ ব্যৱস্থা আছিল।ইয়াকে
গুৰুকুল শিক্ষা বুলি কোৱা হৈছিল।সেই সময়ত শিক্ষা ব্যৱস্থাত ছাত্ৰৰ
আধ্যাত্মিক,নৈতিক,মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনত অধিক গুৰুত্ব দিয়া হৈছিল।তেতিয়া
ছাত্ৰই গুৰুৰ প্ৰত্যক্ষ পৰিচালনাত অধ্যয়ন কৰিব লাগিছিল।কিন্তু পাশ্চাত্য লৈ
উছিল।শিক্ষা হ’ল ছাত্ৰ-ছাত্ৰী,শিক্ষক,অভিভাৱকসকলৰ সমন্বিত
প্ৰচেষ্টাত মানৱ সম্পদ গঢ়াৰ এটি সুন্দৰ ব্যৱস্থা।শিশু এটিয়ে সমাজৰ গুণাগুণ সমূহৰ
জ্ঞান লাভ কৰিবলৈ বিদ্যালয়ৰ জৰিয়তে যিমান সহজে পাৰে আনৰ দ্বাৰা নোৱাৰে।কিন্তু সেই
জ্ঞান শিশুৰ মন পৰিশোধন কৰে আৰু ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰে।সামাজিক আদৰ্শ
গঢ়ি তুলিবলৈ হ’লে বিদ্যালয় সমূহক আহিলা হিচাপে লৈ
শিক্ষকসকলে ছাত্ৰ সমাজক সু-শিক্ষিত কৰি তুলিব লাগিব।শিক্ষক সকলৰ সুশিক্ষাৰে
পৰিচালিত হৈ ভৱিষ্যত এজন সুনাগৰিক হ’ব পাৰিব। এজন আদৰ্শবান শিক্ষকৰ গুণৰাজিৰ
ওপৰতেই শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঠন নিৰ্ভৰ কৰে আৰু শিক্ষাৰ্থীৰ ব্যক্তিত্বই
আদৰ্শ সমাজ গঢ়ি তোলে।
শিক্ষকসকল দেশৰ মেৰুদণ্ড
স্বৰূপ।সেয়ে শিক্ষকসকল নিজে চৰিত্ৰবান হোৱা উচিত।বৰত্মান সামাজিক
,নৈতিক,সাংস্কৃতিক অৱক্ষয়ৰ মাজতো কিছুসংখ্যক শিক্ষকে ন্যায়,নিষ্ঠা,সততাৰ আদৰ্শ
অনুসৰণ কৰি উন্নত শিৰেৰে সমাজত থিয় হৈ আছে।শিক্ষকতা এক পৱিত্ৰ বৃত্তি।এগৰাকী
প্ৰকৃত শিক্ষকে শিক্ষাদান কৰি যি আনন্দ পায় জীৱনত আন কোনো কামতে সেই আনন্দ
নাপায়।এগৰাকী আদৰ্শ শিক্ষক অনেক গুণৰ অধিকাৰী হ’ব লাগে।শিক্ষক ত্যাগী,উদ্যোগী,লোভহীন,সত্যবাদী,ক্ৰোধহীন,অধ্যয়নশীল,সময়ানুৱৰ্তী
আদি গুণৰ অধিকাৰী হ’ব লাগে তেতিয়াহে সমাজে,দেশে বিচৰা মতে তেওঁ এজন ভাল শিক্ষক হ’ব
পাৰে।এৰিষ্টোটলেও স্বীকাৰ কৰি গৈছে-এজন ৰাষ্ট্ৰপতি হ’বলৈ যিমান যোগ্যতাৰ প্ৰয়োজন এজন
ভাল শিক্ষক হ’বলৈ তাতোকৈ অধিক যোগ্যতাৰ প্ৰয়োজন।এজন ৰাষ্ট্ৰপতি বা
এজন এজন ৰাষ্ট্ৰনেতাই এজন আদৰ্শবান শিক্ষকৰ তলত অধ্যয়ন কৰিহে নিজক গঢ় দিব
পাৰিছে।অৱশ্যে সকলো শিক্ষককে আদৰ্শ শিক্ষক বুলি ক’ব নোৱাৰি।এজন আদৰ্শ শিক্ষকৰ
প্ৰথম আৰু প্ৰধান গুণ হ’ল তেওঁ শিকোৱা বিষয় সম্বন্ধে গভীৰ জ্ঞান নাথাকে ছাত্ৰ-ছাত্ৰীসকলক
তেওঁ শিকাব কি ? সেইকাৰণে শিক্ষকসকল নিজেই অধ্যয়নশীল হ’ব লাগে।শিক্ষকসকল সুনাগৰিক আৰু চৰিত্ৰবান হোৱা উচিত।বৰ্তমান সময়ত সকলো গুণ বিশিষ্ট
আদৰ্শ শিক্ষক বিচাৰি পোৱাটো দূৰূহ যদিও চেষ্টা কৰিলে শিক্ষকসকলে অতি সহজে এই
গুণাৱলী আহৰণ কৰি একো একোজন কৃতী শিক্ষকত পৰিণত হ’ব পাৰে।শিক্ষাৰ মৌলিক কৰ্তব্যটোৱেই
হ’ল শিক্ষাদান।এই শিক্ষা দানৰ মহান দায়িত্ব শিক্ষকৰ ওপৰত ন্যস্ত
থাকে।সেয়ে শিক্ষকসকল হ’ব লাগিব কৰ্তব্যপৰায়ণ,নিষ্ঠাবান আৰু
দূৰদৃষ্টিসম্পন্ন ব্যক্তি।শিক্ষা বৃত্তিক শিক্ষকসকলে উপাৰ্জনৰ পথ হিচাপে নলৈ
পৱিত্ৰ ব্ৰত হিচাপে ল’ব লাগিব।শিক্ষা ব্যৱস্থাক চাৰিওপিনৰ
পৰা উন্নত স্তৰলৈ নিবলৈ হ’লে শিক্ষকসকলৰ যথেষ্ট দায়ৱদ্ধতা
আছে।বৰ্তমান শিক্ষা ব্যৱস্থাত নৈতিক শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া
নহয়।ছাত্ৰ-ছাত্ৰীয়ে নৈতিক শিক্ষা লাভ কৰাৰ যিবোৰ পাঠ পাঠ্যপুথিত আগেয়ে সন্নিবিষ্ট
কৰা হৈছিল সেইবোৰ এতিয়া পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে।সেয়ে শিক্ষকসকল গধুৰ দায়িতব
আহি পৰিছে।তেখেতসকলে নিজে নৈতিক শিক্ষাইহে ছাত্ৰ-ছাত্ৰীক সুবিধা বুজি সেইবোৰ শিকাব
লাগিব।নৈতিক শিক্ষাইহে ছাত্ৰ-ছাত্ৰীক উন্নতিৰ দিশত আগবঢ়াত সহায় কৰিব পাৰে।ভাল
শিক্ষাৰ বাবে এটি ভাল পৰিৱেশৰ প্ৰয়োজন।বিদ্যালয় এখনৰ পৰিৱেশ ভাল কৰাটো শিক্ষকসকলৰ
ওপৰত যথেষ্ট নিৰ্ভৰ কৰে।ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ প্ৰতি আৰু পাঠ গ্ৰহণৰ প্ৰতি যাতে
আগ্ৰহী হয় তাৰ বাবে শিক্ষকসকলে সততে নজৰ দিব লাগিব।বৰ্তমান যুগ প্ৰতিযোগিতাৰ
যুগ।সেয়ে ছাত্ৰ-ছাত্ৰীসকলক উন্নত দেশৰ ছাত্ৰ-ছাত্ৰীৰ লগত ফেৰ মাৰিব পৰাকৈ আগবঢ়াই
নিয়াৰ দায়িত্ শিক্ষকৰ ওপৰতে নিৰ্ভৰ কৰে।শিক্ষকসকলে উন্নত কৌশল উদ্ভাৱনৰ চেষ্টা
চলাব লাগিব।আদৰ্শ সমাজ ওখন গঢ়াৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অতি
গুৰুত্বপূৰ্ণ।সুচৰিত্ৰ আৰু ব্যক্তিত্ব একোজন শিক্ষকৰ অলঙ্কাৰ স্বৰূপ।চৰিত্ৰবান আৰু
ব্যক্তি সম্পন্ন শিক্ষকক ছাত্ৰ-ছাত্ৰীয়ে শ্ৰদ্ধা ও ভক্তি কৰে।ইয়ে ছাত্ৰ-ছাত্ৰীৰ
জ্ঞান আহৰণত সহায় কৰে।
শিক্ষকসকলৰ সমাজৰ একোজন পথ
প্ৰদৰ্শক।পথ প্ৰদৰ্শকজন যদি নিজে অন্ধ হয় তেনেহ’লে তেওঁৰ অনুগামীবোৰৰ অৱস্থা কেনে হ’ব
পাৰে।বৰ্তমান দেখা যায় শিক্ষকৰ দায়িত্ব কেৱল
পাঠ্যপুথিত সন্নিৱিষ্ট পাঠখিনি পঢুৱাই দিয়োটোৱেই।ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ
গঠন,নিয়মানুৱৰ্তিতা,পৰিশ্ৰমশীলতা,স্বাৱলম্বিতা,ত্যাগ,ভ্ৰাতৃত্ববোধ আদি দিশত শিক্ষা
দিবলৈ সচেষ্টা হোৱা প্ৰায়েই দেখা নাযায়।বৰ্তমান সমস্যাবহুল পৃথিৱীত ছাত্ৰ-ছাত্ৰীৰ
কৰ্তব্য কি হোৱা উচিত এইবোৰ দিশৰ প্ৰতি শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ
কৰিবলৈ চেষ্টা কৰিব লাগে।শিক্ষকসকলে বিদ্যালয় উন্নতিৰ সৰ্বোত্তম স্তম্ভ।সমাজৰ
সকলোতকৈ প্ৰয়োজনীয় ব্যক্তিজনেই হ’ল শিক্ষক।শিক্ষক নহ’লে শিক্ষা ব্যৱস্থা হ’ব
নোৱাৰে।মানৱ সভ্যতাৰ গুৰিৰে পৰা বিভিন্ন দিশত সময়ত শিক্ষকসকলে ৰাষ্ট্ৰীয় ভাগ্য নিৰ্ণয়ত
বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়।সেয়ে বিদ্যালয়ৰ মুৰব্বীজনে জীৱনৰ প্ৰতি মুহূৰ্ত্ততে
কেনেকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি বৰ্তমানৰ
প্ৰতিযোগিতাৰ যুগত আগবঢ়াই নিব পাৰি সেইটো স্মৰণ কৰা উচিত।শিক্ষকৰ পৰা পৰ্যাপ্ত
কাম পাবলৈ হ’লে তেওঁলোকৰ সৈতে প্ৰধানজনে এটা আন্তৰিকতা পূৰ্ণ মৰমৰ-প্ৰীতিৰ ভাৱ গঢ়ি তোলা প্ৰয়োজন।কিন্তু সেইবুলি শিক্ষকসকলক
বিদ্যালয় শাসনৰ ভমতা দিয়া উচিত নহয়।তেওঁলোকৰ ওপৰত প্ৰধানজনৰ সদায় নিয়ন্ত্ৰণ থকা
উচিত।সমসমতে বিদ্যালয়ত উপস্থিত,সময়মতে শ্ৰেণীকোঠাত প্ৰৱেশ,নিষ্ঠাৰে
শিক্ষাদান,শিক্ষণ প্ৰদীপন ব্যৱহাৰ,ছাত্ৰী-ছাত্ৰীৰ সৈতে সম্পৰ্ক ৰক্ষা,গৃহকৰ্ম দিয়া
আদি কামবোৰ নিয়াৰিকৈ কৰা হৈছে নে নাই তাক পৰ্যবেক্ষণ কৰাটো বিদ্যালয়ৰ মুৰব্বীজনে
কোনো পৰিস্থিতিত দাস হৈ শিক্ষকসকলৰ মাজত বিভাজন নীতি প্ৰয়োগ কৰাটো সমীচিন
নহয়।উচ্চতৰ মাধ্যমিক স্তৰৰ বিষয় শিক্ষক আৰু সহকাৰী শিক্ষক সকলৰ মাজত যাতে কোনো
ধৰণৰ উচ্চ-নীচ মনোবৃত্তিৰ সৃষ্টি নহয়,তাৰ প্ৰতি প্ৰধানজনে বিশেষভাৱে মনোনিৱেশ কৰা
উচিত।বিদ্যালয়ৰ মুৰব্বীজনে যদি উচিত পথেৰে শিক্ষকসকলক আৰু ছাত্ৰ-ছাত্ৰীসকলক
পৰিচালনা কৰিব নোৱাৰে তেতিয়া বিদ্যালয়খন উন্নতিৰ পথত আগবাঢ়িব নোৱাৰিব।প্ৰধানজন
কোনো দুষ্ট চক্ৰৰ ভিতিগ্ৰস্ত বা ভাবুকিত ভয় খাই আদৰ্শচ্যুত হোৱা উচিত নহয়।কোনো
স্বাৰ্থমহলৰ দুষ্ট অভিপ্ৰায়ৰ কবলৰ পৰা যিকোনো মূল্যৰ বিনিময়ত বিদ্যালয়খন ৰক্ষা
কৰাটো মুৰব্বীজনৰ কৰ্ত্তব্য বুলি পণ্ডিতসকলে বিবেচনা কৰে।বিদ্যালয় এখনত এটা সুন্দৰ
শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো অৱশ্যে প্ৰধানজনৰ কৰ্তব্যৰ ভিতৰত।বিদ্যালয় চৌহদ
নিৰ্মাণ,বৃক্ষৰোপণ,নামফলক লগোৱা,তোৰণ নিৰ্মাণ কৰা,ধুনীয়াকৈ শ্ৰেণী কোঠা সজোৱা
শিক্ষা প্ৰদীপন যোগান,নিয়মমতে বিদ্যালয় সপ্তাহ আৰু বাৰ্ষিক বঁটা বিতৰণী সভা
অনুষ্ঠিত কৰা,বিদ্যালয়ৰ মুখপত্ৰ প্ৰকাশ কৰা আদি কামবোৰ নিয়াৰিকৈ কৰাৰ বাবে
বিদ্যালয়ৰ প্ৰধানজনৰ এটা সতেজ মন থকা প্ৰয়োজন।এনেবোৰ কামে শিক্ষক-শিক্ষকয়ত্ৰী আৰু
শিক্ষাৰ্থীসকলৰ মনত এটা অনবিল আনন্দ দিয়াৰ লগতে তেওঁলোকক নিজ কৰ্তব্যৰ প্ৰতিও
আগ্ৰহী কৰি তোলে।বিদ্যালয় প্ৰধানজনক বিদ্যালয় এখনৰ দাপোণ বুলি ক’ব পাৰি।প্ৰধানজনৰ
ওপৰতে এখন বিদ্যালয়ৰ সৰ্বাঙ্গীন উন্নতি হ’ব পাৰে।বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত প্ৰধানজনৰ
বিশেষ দায়িত্ব আৰু কৰ্তব্য আছে।বিদ্যালয় এখনৰ শৈক্ষিক পৰিৱেশ নিৰ্ভৰ কৰে প্ৰধানজনৰ
ব্যক্তিত্বৰ ওপৰত।বিদ্যালখনৰ শৈক্ষিক মান ৰক্ষাৰ কাৰণে নিজ এজন ভাল
শিক্ষক হোৱাৰ উপৰি সহকাৰী শিক্ষকসকলক অনুপ্ৰাণিত কৰা পৰিচালনা কমিটি আৰু
অভিভাৱকসকলৰ সৈতে সু-সম্পৰ্ক ৰক্ষাৰ কৰি বিদ্যালয়খন সৰ্বাঙ্গীন উন্নতিৰ বাবে
ব্যৱস্থা গ্ৰহণ কৰা,শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ প্ৰতি লক্ষ্য
ৰাখি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা প্ৰধানজনৰ দায়িত্ব আৰু কৰ্ত্তব্য বুলি গণ্য কৰা
হয়।বছৰৰ আৰম্ভণীতে ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ ব্যৱস্থা কৰা,সময়মতে বিভিন্ন পৰীক্ষা
লোৱাৰ ব্যৱস্থা কৰা,বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন কৰা সময়মতে বিভাগীয়
কৰ্তৃপক্ষৰ ওচৰত বাজেট আদি দাখিল কৰি সময়মতে শিক্ষক-শিক্ষয়িত্ৰীসকৰ্মচাৰীবৃন্দৰ
মাহিলি দৰমহা লগতে অন্যান্য বকেয়াসমূহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা,শিক্ষক-কৰ্মচাৰীৰ
চাৰ্ভিচ বুকসমূহ সময়ে সময়ে পৰীক্ষা কৰা ,শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী
নিযুক্তি,উচ্চ পদলৈ উন্নীতকণ ছুটী,বিভিন্ন সময়ত সংশোধিত বেতন আদায়,বাৰ্ষিক বৃদ্ধি
অৱসৰ গ্ৰহণ আদি একান্ত প্ৰয়োজনীয় বিষয় সমূহৰ ওপৰত বিশেষভাৱে নজৰ দি উপযুক্ত
ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰধানজনৰ দায়িতব আৰু কৰ্তব্য বুলি গণ্য কৰা হয়।ইয়াৰ উপৰি
প্ৰধানজনে লক্ষ্য কৰিবলগীয়া আন বহুবোৰ বিষয় আছে।প্ৰধানজনৰ তলৰ
শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰীবৃন্দৰ লগত বুজা পৰাৰ ভাৱ থাকিব লাগে।লগতে অভিভাৱকৰ
লগতো ভাল সম্বন্ধ থাকিব লাগে।বিদ্যালয়ৰ প্ৰধানজনে কাৰো প্ৰতি পক্ষপাতিত্বমূলক ভাৱ
নাৰাখি নিৰপেক্ষ ভাৱে প্ৰতিজনক সমান ব্যৱহাৰ কৰিব লাগে,নিয়মিত ভাৱে শ্ৰেণীসমূহত
পাঠদান হৈছে নে নাই মাজে সময়ে পৰিদৰ্শন কৰা ছাত্ৰী-ছাত্ৰীৰ অধ্যয়নৰ অগ্ৰগতিৰ বিষয়ে
নজৰ দিয়া এই আটাইবোৰ প্ৰধানজনৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত ন্যস্ত হয়।এই
দায়িত্ববোৰ নিয়াৰিকৈ পালন কৰাৰ ক্ষেত্ৰত প্ৰধানজন হ’ব লাগিব এজন গুণ সম্পন্ন
অভিজ্ঞতাপূৰ্ণ ব্যক্তিত্বসম্পন্ন ব্যক্তি।
প্ৰকৃততে প্ৰধানজন সকলো গুণ আয়ত্ব
কৰি কাৰ্যালয় পৰিচালনাৰ মূল নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখি সহায়ক সকলক স্বাধীন ভাৱে কাম
কৰাৰ সুবিধা দিলে কাৰ্যালয়টো বেছি সক্ৰিয় হৈ থাকে।প্ৰধানজনৰ সক্ৰিয় ভূমিকাৰ যোগেদি
এখন বিদ্যালয় সৰ্বাঙ্গীন উন্নত হ’ব পাৰে,ই ধুৰূপ।বিদ্যালয় পৰিচালনাত লগতে বিদ্যালয়খনৰ
উন্নতিৰ বিভিন্ন দিশত প্ৰধানজনক সমাজৰ বিশিষ্ট
ব্যক্তিসকলে,অভিভাৱকসকল,শিক্ষক-শিক্ষয়িত্ৰীসকলে আৰু তলতীয়া কৰ্মচাৰীসকলে লগতে
বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন দিশত সহায়-সহযোগ কৰিলেহে প্ৰধানজনে বিদ্যালয়খন
পৰিচালনাত সুবিধা পাব আৰু সকলোৰে সহযোগত বিদ্যালয়খনত শৈক্ষিক পৰিৱেশ উন্নত হ’ব।প্ৰধানজনৰ
মূল ভূমিকাৰ যোগেদিহে বিদ্যালয় এখনৰ সৰ্বাঙ্গীন সুন্দৰ আৰু উন্নত হ’ব পাৰে।বিদ্যালয়
এখনৰ বিভিন্ন দিশৰ উন্নতিত চৰকাৰ দায়িত্বও কম নহয়।বহুবোৰ বিদ্যালয়ৰ ঘৰ-দুৱাৰ অৱস্থা
অতি শোচনীয়।
স্কুল কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ
অধ্যয়নৰ সুবিধাৰ্থে প্ৰয়োজনীয় শ্ৰেণী কোঠালী প্ৰধানজনৰ সুকীয়া কাৰ্যালয় শিক্ষকৰ
জিৰণি কোঠা আৰু অন্যান্য প্ৰয়োজনীয় সামাগ্ৰীসমূহ প্ৰয়োজন অনুসৰি যোগান ধৰিব
নোৱাৰে।ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত যথেষ্ট ব্যাঘাট ঘটে।এনোবৰ স্কুললৈ কিছু ৰাজ
সাহৰ্য্যৰ ব্যৱস্থা কৰিলে নিশ্চয় বিদ্যালয়খন উন্নতিৰ পথত আগবঢ়াত সহায়ক হ’ব।বৰ্তমান চৰকাৰে প্ৰতিখন বিদ্যালয়লৈ
গৃহ নিৰ্মাণৰ বাবে এককালীন শকত মঞ্জুৰীৰ ব্যৱস্থা কৰিছে।এই মঞ্জুৰী ধনেৰে স্কুল কৰ্তৃপক্ষই
প্ৰয়োজনীয় শ্ৰেণী কোঠালীৰ ব্যৱস্থা কৰিছে।ইয়াৰ ফলত বিদ্যালয়ৰ শ্ৰেণী কোঠালীৰ অভাৱ কিছু
দূৰ হৈছে।প্ৰধানজনৰ আন্তৰিক প্ৰচেষ্টা,শিক্ষকসকলৰ জ্ঞানৰ পৰিপক্কতা,অভিভাৱকসকলৰ সক্ৰিয়
সহযোগ আৰু ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ প্ৰতি একান্ত মনোযোগ আৰু চৰকাৰৰ সহায়-সহযোগিতাতে এখন বিদ্যালয় সৰ্বাঙ্গীন উন্নতিৰৰ পথত
আগবাঢ়িব পাৰে।
-অমৃত
চন্দ্ৰ নাথ এম,এ.বি.টি
অৱসৰপ্ৰাপ্ত
অধ্যক্ষ,
বৃন্দাবন
উচ্চতৰ মাধ্যমিক বিদ্যালয়

0 Comments