পৰিৱেশ শিক্ষা আৰু
বিদ্যালয়ত শৈক্ষিক পৰিৱেশ
আমাৰ চাৰিওদিশৰ
প্ৰাকৃতিক অৱস্থাকে সাধাৰণতে পৰিৱেশ বোলা হয়।আমাৰ চৌদিশৰ
গছ-লতা,জীৱ-জন্তু,বায়ু,পানী,শিল,বালি বিভিন্ন কীট-পতঙ্গ আদি সকলোবোৰ বস্তুৰে গঠিত
বাহ্যিক অৱস্থাটোকে আমি পৰিৱেশ বুলি কওঁ।পৰিৱেশ প্ৰকৃততে দুই প্ৰকাৰৰ প্ৰাকৃতিক
পৰিৱেশ আৰু মানৱ পৰিৱেশ।বিশ্ব ব্ৰক্ষ্মাণ্ডৰ ভৌগোলিক অৱস্থান
মাটি,পানী,জলবায়ু,জীৱ-জন্তু,উদ্ভিদ আদি মিলি যি প্ৰাকৃতিক অৱস্থাৰ সৃষ্টি কৰে,তাকে
প্ৰাকৃতিক পৰিৱেশ বুলি কোৱা হয়।আনহাতে মানুহে নিজৰ জ্ঞান বুদ্ধি আৰু কৰ্মৰে
প্ৰাকৃতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ চিন্তা চৰ্চাৰে নিজৰ উপযোগী পৰিৱেশ সৃষ্টি
কৰি লয়,সেয়ে মানৱ পৰিৱেশ।কেতিয়াবা আমাৰ মাজত থকা বিভিন্ন সংস্কৃতি জাতি
ধৰ্ম,জনসংখ্যাৰ গাঁঠনি অনুযায়ী লগতে আৰ্থিক অৱস্থা আদি উপাদান সমূহক লৈ সামাজিক
পৰিৱেশ গঠিত হয়।
ছাত্ৰ-ছাত্ৰীসকলে যিবোৰ অনুষ্ঠানত গৈ অধ্যয়ন
কৰে সেই শিক্ষানুষ্ঠানবোৰৰ পৰিৱেশ ভাল হোৱাটো অতি প্ৰয়োজন।কিয়নো আনুষ্ঠানিক
শিক্ষাইহে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত দিশ নিৰ্ণয় কৰে।বিভিন্ন দিশেদি এখন অনুষ্ঠানৰ
শিক্ষাৰ ক্ষেত্ৰত যি পৰিৱেশ সৃষ্টি হয়,সেয়ে শৈক্ষিক পৰিৱেশ।বিভিন্ন দিশৰ ওপৰত এখন
বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ নিৰ্ভৰ কৰে।সুন্দৰ পৰিৱেশে এখন বিদ্যালয়ক সৰ্বতো দিশত
উন্নতিৰ পথত অগ্ৰগতিত সহায় কৰে।এখন বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশে নিৰ্ভৰ কৰে
সৰ্বপ্ৰথমে বিদ্যালয়ৰ প্ৰধানজনৰ ওপৰত।প্ৰধানজনে যিমানে শৈক্ষিক পৰিৱেশ উন্নত কৰণৰ
ক্ষেত্ৰত গুৰুত্ব দিব,সিমানে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নত হ’ব।বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ ক্ষেত্ৰত
সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ভূমিকাও কম নহয়।
শিক্ষক-শিক্ষয়িত্ৰীৰ
সমূহীয়া প্ৰচেষ্টাৰে বিদ্যালয়ৰ পৰিৱেশ উন্নত কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ
দায়িত্বও কম নহয়।এখন বিদ্যালয় এখনৰ পৰিৱেশ উন্নত কৰিবলৈ হ’লে বিদ্যালয়ৰ প্ৰধানজন সহকাৰী
শিক্ষক-শিক্ষয়িত্ৰীসকল,কৰ্মচাৰী বৃন্দ,ছাত্ৰ-ছাত্ৰী সকলোৱে সমানেই গুৰুত্ব দিব
লাগিব।সুন্দৰ শৈক্ষিক পৰিৱেশ উন্নত শিক্ষাৰ মাপ-কাঠি।শিক্ষা অবিহনে এটা জাতি
উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে।শিক্ষাই জাতিৰ মেৰুদণ্ড।
এটা জাতিৰ এই
মেৰুদণ্ড স্বৰূপ শিক্ষা প্ৰদান আৰু গ্ৰহণ হয় এখন বিদ্যালয়ৰ মাধ্যমেৰে।বিদ্যালয়
এখনৰ পৰীক্ষাৰ ফলাফল ভাল হ’লেই বিদ্যালয়খন উন্নত বুলি ক’ব নোৱাৰি।বিদ্যালয়খনৰ বিভিন্ন দিশৰ পৰিৱেশে
শৈক্ষিক পৰিৱেশ উন্নীত হোৱাত সহায় কৰে।বিদ্যালয় এখনৰ শৈক্ষিক পৰিৱেশ বহু ক্ষেত্ৰত
সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে।বিদ্যালয়খনৰ চাৰিওদিশৰ সমাজখনৰ সামাজিক পৰিৱেশ
ভাল নহ’লে বিদ্যালয় এখনৰ শৈক্ষক পৰিৱেশ ভাল কৰাটো জটিল
হৈ পৰে।এই ক্ষেত্ৰত সবাতোকৈ প্ৰয়োজনীয় কথা হৈছে ৰাইজৰ মাজত পৰিৱেশ সম্বন্ধে
সচেতনতা গঢ়ি তোলা আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সক্ৰিয় আৰু স্বতঃস্ফুৰ্ত
সহযোগিতা আদায় কৰা।আমাৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন স্তৰত পৰিৱেশ শিক্ষাৰ প্ৰৱৰ্তন
আৰু প্ৰসাৰ ঘটাই ভৱিষ্যতৰ নাগৰিকসকলক অধিক সচেতন,সতৰ্ক আৰু বিজ্ঞান প্ৰযুক্তিৰ
ক্ষেত্ৰত বিভিন্ন কৌশল গঢ়ি তোলাৰ ওপৰতে নিৰ্ভৰ কৰিব পৰিৱেশপ দীৰ্ঘকালীন
সুৰক্ষা।মানুহৰ জীৱন নিৰ্বাহ পদ্ধতিত পৰিৱেশে বাৰুকৈয়ে প্ৰভাৱ পেলায়।আনহাতে
মানুহেও নিজৰ বিদ্যা,বুদ্ধি কাৰিকৰী কৌশল আদিৰ যোগেদি প্ৰাকৃতিক পৰিৱেশৰ যথেষ্ট
পৰিৱৰ্তন ঘটাইছে।যেনে-নদীত বান্ধ দি তীব্ৰ সোঁতৰ পৰা বিদ্যুত উৎপন্ন কৰিছে।মাটিৰ তলৰ পৰা কয়লা বা তেল
উলিয়াই তাক ব্যৱহাৰ কৰি প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ পৰিৱৰ্তন ঘটাইছে।আকৌ মানুহে
বনাঞ্চল ধ্বংস কৰি বৃহৎ উদ্যোগ আদি স্থাপন কৰি পৰিৱেশ বিনষ্ট কৰিছে।পৰিৱেশ হ’ল প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ এক সমন্বয়
অৱস্থা।বিদ্যালয় এখনৰ শৈক্ষিক পৰিৱেশ বুলিলে বিদ্যালয়খনৰ বিভিন্ন দিশৰ ওফৰত
গুৰুত্ব দিব লাগিব।বিদ্যালয় চৌহদত পকী দেৱাল বা অন্য বেৰ দিয়াৰ ব্যৱস্থা থাকিব
লাগে।নিৰ্ধাৰিত সময়ত বিদ্যালয়ৰ ঘৰ-দুৱাৰবোৰ ভাল আৰু পৰিপাতি হ’ব লাগিব।বিদ্যালয় চৌহদত পকী দেৱাল বা অন্য বেৰ
দিয়াৰ ব্যৱস্থা থাকিব লাগে।নিৰ্ধাৰিত সময়ত বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱা উচিত।ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰীসকল
নিৰ্ধাৰিত সময়ৰ আগেয়ে বিদ্যালয়ত উপস্থিত থৰা নিত্যান্ত প্ৰয়োজন।বিদ্যালয় চৌহদ সদায়
চাফ-চিকুণকৈ ৰখা দৰকাৰ।চৌহদৰ ভিতৰত স্কুল কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে বা অন্য
ব্যৱস্থাৰ মাধ্যমৰে ভাল ভাল গছ-পুলি ৰোপণৰ ব্যৱস্থা কৰিব পাৰি।যিকোনো সময়তে যাতে
স্কুলৰ পৰিৱেশ বিনষ্ট নহয় তাৰ প্ৰতি স্কুল কৰ্তৃপক্ষই নজৰ দিয়াটো অতি প্ৰয়োজন।
সেয়ে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ যাতে উন্নত হৈ
থাকে,কোনো ক্ষেত্ৰত যাতে অৱনতি নঘটে তাৰ প্ৰতি স্কুল কৰ্তৃপক্ষই লগতে জ্ঞানী-গুণী
সমাজৰ সচেতন ব্যক্তিসকলে তীক্ষ্ম দৃশ্টি ৰাখিব লাগে।ভাল শৈক্ষিক পৰিৱেশে এখন
বিদ্যালয় সৰ্বাঙ্গসুন্দৰ কৰিব পাৰে।এই ক্ষেত্ৰত সচেতন নাগৰিকসকলে চিন্তা কৰাটো
নিত্যা্ন্ত প্ৰযোজন।
-অমৃত চন্দ্ৰ নাথ
অৱসৰপ্ৰাপ্ত অধ্যক্ষ
বৃন্দাবন উচ্চতৰ
মাধ্যমিক বিদ্যালয়

0 Comments