কামৰূপ –কমতা বা কমতা ৰাজ্যৰ বিষয়ে
কমতা ৰাজ্য পূৱে বৰনদীৰ পৰা পশ্চিমে কৰতোৱা নদীলৈকে বিয়পি আছিল।
কামৰূপৰ নাম কমতা কেনেকৈ হ’লঃ
সন্ধ্যা ৰাজ্যৰ ৰাজত্ব কালত ১২৫৭
খ্ৰীঃত বংগৰ শাসনকৰ্তা ইখতিয়াৰ উদ্দিন মালিক তুঘ্ৰিল খাঁই কামৰূপ ৰাজ্য আক্ৰমণ
কৰিছিল।তেওঁ ইয়াৰ ৰাজধানী কামৰূপ নগৰ দখল কৰি লৈছিল।মুছলমান সেনানীৰ হাতত পৰাজিত
হৈ সন্ধ্যা ৰজা পলাই গ’ল আৰু কাষৰীয়া পাহাৰত আশ্ৰয় ল’লেগৈ।পিছে কামৰূপৰ ৰজাজন পলাতক অৱস্থাত
বেচিদিন থাকিব লগা নহ’ল।অসমৰ জলবায়ুৱে তেওঁক কম সময়তে হেৰোৱা ৰাজ্য পুনৰ উদ্ধাৰ কৰাত
সহায় কৰিলে।ৰাজধানী কামৰূপ নগৰত বাৰিষাৰ বাঢ়নী পানী নোসোমাবৰ কাৰণে,ব্ৰহ্মপুত্ৰ
নদীৰ পাৰ বান্ধি ওখ কৰি থোৱা আছিল।এতিয়া সেই পানীকে শত্ৰু খেদাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ
কৰিবলৈ সন্ধ্যা ৰজাই ঠিক কৰিলে।
ভৰ
বাৰিষা আৰম্ভ হোৱাৰ লগে লগে সন্ধ্যা ৰজা নিজৰ সেনাবাহিনীৰ সৈতে পাহাৰৰ পৰা নামি
আহিল।তেওঁলোকে ছেগ বুজি ফেনে-ফোটোকাৰে উপচি থকা ব্ৰহ্মপুত্ৰ বান্ধ কাটি
দিলে।বান্ধৰ কটা যোৱা অংশইদি নদীৰ বাঢ়নী পানী হো-হোৱাই সোমাই আহিল আৰু নিমিষতে
কামৰূপ নগৰ বুৰাই পেলালে।
এনে ধৰণৰ বিপদ আহিব পাৰে বুলি মুছলমান
সকলে কল্পনাই কৰিব পৰা নাছিল।তেওঁলোক নিপুণ অশ্বাৰোহী আছিল আৰু নৌ-শক্তিতো তেওঁলোক
যথেষ্ট বলৱান আছিল।পিছে ব্ৰহ্মপুত্ৰ ধলৰ শক্তিয়ে এই আটাইবোৰকে চেৰাই গল।অথাই পানীত
আৱদ্ধ হৈ পৰা মুছলমান বাহিনীক কামৰূপী সেনাই চাৰিওফালৰ পৰা আগুৰি ধৰিলে।যুদ্ধত
মুছলমান সকল বেয়াকৈ হাৰিল।তেওঁলোকৰ এটা বৃহৎ অংশ বন্দী হ’ল।কিছুমান ৰণত
পৰিল আৰু বাকীখিনি পলাই সাৰিল।তুঘ্ৰিল খাঁক তেওঁৰ পৰিয়ালৰ সৈতে কামৰূপী সেনাই
বন্দী কৰিলে।মুছলমান শাসনকৰ্তাজনে যুদ্ধক্ষেত্ৰত গুৰুতৰ আঘাত পাইছিল।সেই আঘাততে
মৃত্যু হৈছিল।
মুছলমানৰ পৰা ৰাজ্য উদ্ধাৰ কৰি
সন্ধ্যা ৰজাই কামৰূপৰ ৰাজধানী কমতালৈ সলনি কৰিছিল।১২৬০ খ্ৰীত তেওঁ নিজ ৰাজ্যৰ
ৰাজধানী কামৰূপ নগৰৰ পৰা পশ্চিম কমতাপুৰলৈ তুলি নিছিল।কামৰূপ ৰাজ্য তেতিয়াৰ পৰাই
কমতা ৰাজ্য বা কামৰূপ কমতা নামেৰে পৰিচিত হ’বলৈ ধৰিলে।
সন্ধ্যা ৰজাৰ উত্তৰাধিকাৰীসকলঃ
·
সিন্ধুৰায়
·
ৰূপ
·
আৰু সিংহধ্বজ
এওঁলোক তিনিজনে প্ৰায় ৩৫ বছৰ( ১২৭০
খ্ৰীৰ পৰা ১৩০৫ খ্ৰী)লৈকে ৰাজত্ব কৰিছিল।
প্ৰতাপধ্বজঃ(১৩০৫- ১৩২৫)
ৰজা সিংহধ্বজক হত্যা কৰি কমতা ৰাজ্যৰ এজন মন্ত্ৰীয়ে কমতা ৰাজ্যৰ সিংহাসন দখল কৰি লৈছিল।মন্ত্ৰীয়ে ৰাজসিংহ দখল কৰাৰ ফলত কমতা ৰাজ্যৰ সন্ধ্যা বংশৰ ৰাজত্বৰ অন্ত পৰে।
কিছু সাম্ভাৱ্য প্ৰশ্ন আৰু উত্তৰঃ
১।ইখতিয়াৰ উদ্দিন মালিক তুঘ্ৰিল খাঁই
কিমান খ্ৰীত কমতা ৰাজ্য আক্ৰমণ কৰিছিল
-১২৫৭
২। কমতা ৰাজ্য কৰ পৰা কলৈ বিয়পি আছিল
-পূৱে বৰনদীৰ পৰা পশ্চিমে কৰতোৱা
নদীলৈ
৩।গৌড়েশ্বৰ উপাধি কোনে লৈছিল
-সন্ধ্যা ৰজাই
৪।সন্ধ্যা ৰজাই কিমান খ্ৰীত কামৰূপ
নগৰৰ পৰা কমতাপুৰলৈ ৰাজধানী তুলি নিছিল
-১২৬০ খ্ৰীত
৫।সন্ধ্যা ৰজাৰ পাছৰ ৰজাজন কোন
-সিন্ধুৰায়
৬।কমতেশ্বৰ উপাধি কোনজন কমতা ৰাজ্যৰ
ৰজাই গ্ৰহণ কৰিছিল
-সন্ধ্যা ৰজাই
৭।সন্ধ্যা ৰজাৰ বংশধৰে কিমান বছৰ
ৰাজত্ব কৰিছিল
-৩৫ বছৰ
৮।কাক হত্যা কৰি প্ৰতাপধ্বজ নামৰ
মন্ত্ৰীজনে ৰজা হৈছিল
-
ৰজা সিংহধ্বজক
কমতা ৰাজ্য( প্ৰতাপধ্বজৰ পৰা জোঙাল বলহুলৈ)ঃ
প্ৰতাপধ্বজ( ১৩০৫-১৩২৫)ঃ
ৰজা সিংহধ্বজক হত্যা কৰি হোৱা ৰজাজনেই
হৈছে প্ৰতাপধ্বজ।তেওঁ সিংহধ্বজ ৰজাৰ এগৰাকী মন্ত্ৰী আছিল।
প্ৰতাপধ্বজৰ দিনত আহোম ৰাজ্য আৰু কমতা
ৰাজ্যৰ মাজত এখন যুদ্ধ হৈছিল।এই যুদ্ধ আছিল প্ৰতাপধ্বজ আৰু আহোম ৰজা চুখাংফাৰ
মাজত।পাছলৈ প্ৰতাপধ্বজে নিজৰ জীয়েক ৰজনীক আহোম ৰজা চুখাংফালৈ বিয়া দি দুয়োখন
ৰাজ্যৰ মাজত মিত্ৰতা স্থাপন কৰিছিল।
প্ৰতাপধ্বজে প্ৰায় ২০ বছৰ ৰাজত্ব
কৰিছিল।
কমতা ৰাজ্যৰ বিভাজনঃ
প্ৰতাপধ্বজ মৃত্যুৰ পাছত কমতা ৰাজ্য
দুভাগত বিভক্ত হৈছিল।
ধৰ্মনাৰায়ণে ৰংপুৰ আৰু
দুৰ্ল্লভনাৰায়ণে গড়িয়াত ৰাজধানী পাতিছিল।
দুৰ্ল্লভনাৰায়ণ( ১৩৩০-১৩৫০ খ্ৰী)ঃ
কমতা ৰাজ্যৰ আটাইতকৈ বিখ্যাত ৰজা জনৰ
নাম আছিল দুৰ্ল্লভনাৰায়ণ।
দুৰ্ল্লভনাৰায়ণে চণ্ডীবৰক কনৌজৰ পৰা
১৪টা পৰিয়ালৰ শিৰোমণি ভূঞা অৰ্থাৎ মুখিয়াল পাতিছিল।
দুৰ্ল্লভনাৰায়ণৰ দিনৰ তিনিজন বিখ্যাত
সাহিত্যিক হৈছে- হেম সৰস্বতী,কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰ।
ইন্দ্ৰনাৰায়ণ(১৩৫০-১৩৬৫খ্ৰী)-
দুৰ্ল্লভনাৰায়ণৰ পিছত তেওঁৰ পুতেক ইন্দ্ৰনাৰায়ণ কামৰূপ কমতাৰ ৰজা হৈছিল।
আৰিমত্ত বা গজাংক(১৩৬৫-১৩৮৫ খ্ৰী)ঃ
ইন্দ্ৰনাৰায়ণক খেদি আৰিমত্ত নামৰ এজন
ৰজাই সিংহাসন আৰোহন কৰিছিল।এইজন ৰজাৰ আন নাম আছিল গজাংক আৰু ৰাজধানীৰ নাম আছিল
বৈদ্যৰ গড়।
ফেঙুৱাঃ
ইন্দ্ৰনাৰয়ণৰ বংশৰ এজন লোকে আৰিমত্তৰ
ৰাজ্য আক্ৰমণ কৰে।আৰিমত্তৰ পাছত ফেঙুৱায়ো বৈদ্যৰ গড়ৰ ওচৰত আন এটা গড় সাজিছিল।এই
গড়টো ফেঙুৱা গড় নামেৰে জনাজাত।
ধমধমাৰ ওচৰত ফেঙুৱা গড়ৰ অৱশিষ্ট
এতিয়াও দেখা যায়।
কথিত আছে যে ফেঙুৱাই আৰিমত্ত ৰজাৰ
ৰাণী ৰত্নমালাৰ সৈতে ষড়যন্ত্ৰ কৰি আৰিমত্ত ৰজাক হত্যা কৰিছিল আৰু ৰাজধানী বৈদ্যৰ
গড় অধিকাৰ কৰি লৈছিল।পিছে ৰত্নমালাক ফেঙুৱাই নিজৰ ৰাণী কৰি লবলৈ অমান্তি হৈ
ৰত্নমালাকো ফেঙুৱাই হত্যা কৰিছিল।
ৰত্নসিংহঃ
আৰিমত্ত ৰজাৰ পুত্ৰ ৰত্নসিংহ পুনৰ
বৈদ্যৰ গড় অধিকাৰ কৰি লৈছিল আৰু তেওঁ বৈদ্যৰ গড়ৰ পৰা কমতাপুৰলৈ ৰাজধানী সলনি
কৰিছিল।
ৰত্নসিংহৰ আন এটা নাম শূকৰাংক।এইজন ৰজাই বেছিদিন ৰাজত্ব কৰা নাছিল।
জোঙাল বলহুঃ
ৰত্নসিংহৰ পাছত শূতৰাংক আৰু মৃগাংক
নামৰ দুজন ৰজা ক্ৰমান্বয়ে সিংহাসমত উঠিছিল।মৃগাংকৰ আন এটা নাম জোঙাল বলহু।নগাঁও
জিলাৰ ৰহাৰ কিছুদূৰ পশ্চিমে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জোঙাল বলহু নামৰ গড় এটা
এতিয়াও আছে।
জোঙাল বলহু আৰিমত্ত বংশৰ শেষৰ জন
ৰজা।তেওঁ নিঃসন্তান হৈ মৃত্যুমুখত পৰাত সেই বংশ লোপ পায়।
কিছু প্ৰশ্ন আৰু উত্তৰঃ
১। হেম সৰস্বতী কোন শতিকাৰ কবি
- চতুৰ্দশ শতিকাৰ
২। হেম সৰস্বতীৰ আন নাম কি
- হেমন্ত
৩। প্ৰহ্লাদ চৰিত্ৰ কাৰ ৰচনা
- হেম সৰস্বতী
৪।
হৰগৌৰী-সংবাদ কাৰ ৰচনা
- হেম সৰস্বতী
৫।হৰগৌৰী সংবাদ পুথিখনি কিমানটা পদত
ৰচিত
-৮৯৯টা
৬।হেম সৰস্বতীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম
কি
-কমতা নৃপতি দুৰ্ল্লভনাৰায়ণ
৭।অসমীয়া সাহিত্যৰ প্ৰথম বীৰ কাব্যৰ
ৰচক কোন
-হৰিহৰ বিপ্ৰ
৮।হৰিবৰ বিপ্ৰৰ ৰচনা কৰা কাব্য
তিনিখনৰ নাম লিখা-
বব্ৰুবাহনৰ যুদ্ধ,লৱ-কুশৰ যুদ্ধ আৰু
তাম্ৰধ্বজৰ যুদ্ধ
৯।অসমীয়া সাহিত্যৰ আশ্বমেধিক পৰ্বৰ
কবি বুলি কোনগৰাকী কবিক কোৱা হয়
-হৰিহৰ বিপ্ৰক
১০।কবিৰত্ন সৰস্বতীৰ পিতৃৰ নাম কি
-চক্ৰপাণি শিকদাৰ
১১।কবিৰত্ন সৰস্বতী ৰচিত কাব্যপুথি
কেইখন কি কি
-জয়দ্ৰথ বধ,শকুন্তলা উপাখ্যান আৰু
যযাতিৰ চৰিত্ৰ
১২।প্ৰাক-শংকৰী যুগৰ কবি দুজনৰ নাম কি
কি
-হেম সৰস্বতী,হৰিহৰ বিপ্ৰ আদি

0 Comments