মহিলাৰ বাবে ৫ বিধ অতি দৰকাৰী ভিটামিন আৰু কিছু অন্যান্য

 

 মহিলাৰ বাবে ৫ বিধ অতি দৰকাৰী ভিটামিন

বৰ্তমান সময়ত বিশ্বৰ প্ৰায়বোৰ দেশৰ অধিকাংশ লোক উপযুক্ত খাদ্য উপাদানৰ অভাৱ বা খাদ্যৰ ভেজালকৰণৰ বাবে বিভিন্ন সমস্যাত ভোগা দেখা যায়।বিশেষকৈ মহিলাসকলৰ এনে সমস্যাত পৰি গুৰুতৰ শাৰীৰিক বিসংগতিৰ চিকাৰ হ’ব লগা হয়।ইউনিচেফৰ এক প্ৰতিবেদন অনুসৰি অধিকাংশ যুৱতী আৰু মহিলাৰ শৰীৰৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হোৱাৰ উপৰি বিভিন্ন জটিলতাত ভোগা দেখা যায়।এনে সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ মহিলা সকলে পাঁচবিধ ভিটামিনযুক্ত খাদ্য গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞ সকলে।তলত এই ভিটামিন কেইবিধৰ বিষয়ে আলোচনা কৰা হ’ল-

বাৰিষাত চকুত যতন

ভিটামিন এঃ মহিলাসকলৰ শাৰীৰিক বৃদ্ধি আৰু কাৰ্যক্ষমতাৰ বাবে ভিটামিন এ অতিকে প্ৰয়োজনীয়।ইয়াৰ অভাৱত মহিলাসকলৰ ৰক্তহীনতা,হাড়ৰ দুৰ্বলতা আদি বিভিন্ন সমস্যাত ভোগা দেখা যায়।বিশেষকৈ মাতৃসকলৰ এই ভিটামিনৰ অভাৱত ভূগিলে নিজৰ লগতে সন্তানসকলৰো শাৰীৰিকভৱ্ গুৰুতৰ বিসংগতি দেখা দিয়ে।

ভিটামিন বিঃ ভিটামিন বি মহিলাসকলৰ বাবে আন এক অত্যান্ত প্ৰয়োজনীয় উপাদান।কেইবাটাও প্ৰকাৰৰ ভিটামিন-বিৰ পোৱা যায়।তাৰ ভিতৰত ভিটামিন বি৩, ভিটামিন বি৬,ভিটামিন৯, আদি প্ৰধান।এই ভিটামিনৰ অভাৱ হলে মহিলাৰ শৰীৰৰ শক্তি বৃদ্ধিত ব্যাঘাত জন্মে।যাৰ ফলক মাতৃসকলৰ লগতে নৱজাতকৰ বিকাশত বিলম্ব হয়।ভিটামিন বি৩ৰ অভাৱৰ ফলত শৰীৰৰ বিভিন্ন অংগৰ লগতে মগজুৰ মৃত কোষৰ মেৰামতিত বাধাৰ সৃষ্টি হয়।আনহাতে,ভিটামিন বি৬-এ গৰ্ভৱতী মহিলাৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়।ইয়াৰ অভাৱ হলে মহিলাৰ শৰীৰত চেৰটনিন নামপ এক বিশেষ হৰমনৰ সৃষ্টি হয়।যিয়ে মেনজ সমাগত মহিলাসকলক মানসিকভাৱে হতাশাগ্ৰস্থ কৰি তোলে।তেনেদৰে ভিটামিন বি-এ গৰ্ভাৱতী মহিলাৰ গৰ্ভস্থ সন্তানৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়।এই ভিটামিনে গৰ্ভস্থ সন্তানৰ হাড় আৰু মগজুৰ বিকাশত বিশেষ ভূমিকা পালন কৰে।

ভিটামিন চিঃ ভিটামিন চি হল আন এক শক্তিশালী এন্টিঅক্সিডেন্টযুক্ত কাৰক।এই ভিটামিনে মহিলাসকলক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।বিশেষকৈ মহিলাৰ স্তন কেন্সাৰ ৰোধত ই প্ৰত্যক্ষ প্ৰভাৱ পেলায়।সেইবাবে গৰ্ভৱতী মহিলাকে ধৰি সকলো মহিলাই ভিটামিন চি যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে।

ভিটামিন ডিঃ ভিটামিন ডিয়ে শৰীৰক কেলচিয়াম যোগান ধৰেষইয়াৰ ফলত শৰীৰৰ হাড় গঠন মজবুত হয়।সেইবাবে স্বাস্থ্যবান আৰু সুদৃঢ় শৰীৰৰ বাবে ডি ভিটামিন অত্যন্ত জৰুৰী।নৱজাতক,বাঢ়ি অহা লৰা-ছোৱালীৰ লগতে গৰ্ভৱতী মহিলাৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয় উপাদান।এই ভিটামিনৰ বাবে ভিটামিন ডিযুক্ত খাদ্য-সামগ্ৰী গ্ৰহণৰ লগতে সূৰ্যৰ ৰশ্মিৰ পৰাও এই ভিটামিন পাব পাৰি।

ভিটামিন ইঃ শৰীৰক শক্তিৰ যোগান আৰু ছাল,চকুৰ স্বাস্থ্য ভালে ৰখাৰ বাবে ভিটামিন ই উপকাৰী।তদুপৰি হৃদযন্ত্ৰ আৰু হৰমনৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত এই ভিটামিনে বিশেষ ভূমিকা পালন কৰে।

কাণৰ ভিতৰত পানী সোমালে কি কৰিব

    সাধাৰণতে গা ধোওঁতে বা সাঁতোৰোতে অকস্মাতে কাণৰ ভিতৰত পানী সোমায়।কাণত পানী সোমালে প্ৰায়ে কাৰ ভিতৰত ভেঁকুৰজাতীয় ৰোগে দেখা দিয়ে।বিষেষকৈ জহকালি এনে ৰোগ বেছিকৈ হয়।কাণৰ ভিতৰত লেতেৰাবোৰ প্ৰায়েশুকান অৱস্থাত থাকে।কাণত পানী সোমালে সেই মলিবোৰ ফুলি উঠে আৰু কাণ বন্ধ হোৱা যেন লাগে।ফলত শুনাত অসুবিধা হয়।চিকিৎসকে কাণত মলি থাকিলে সহজেই ছিৰিঞ্জিং কৰি বাহিৰলৈ উলিয়াই আনে।কিন্তু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ পিন বা শলাৰে খুঁচি এই মলি বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰা অনুচিত।কাণৰ ভিতৰত ভেঁকুৰ হলে এন্টি-ফাংগেল ড্ৰপ ব্যৱহাৰ কৰি সুফল পাব পাৰি।

বাৰিষাত চকুত যতন

বাহিৰৰ পৰিৱেশৰ লগত আমাৰ শৰীৰটোৰ বহু কথা নিৰ্ভৰ কৰে।সেইবাবেই বতৰৰ লগত খাপ খাই কিছুমান স্বাস্থ্য সমস্যাই দেখা দিয়ে।বাৰিষা কালত বিভিন্ন গছৰ পাত,ধান গছ,বোক-পানী,বাঁহ,জেং আদিৰ দ্বাৰা চকুৰ মিয়ে আঘাত পাব পাৰে।তেতিয়া বীজাণুৰ সংক্ৰমণ হব পাৰে।এই সময়ত হোৱা এবিধ মাৰাত্মক ৰোগ হৈছে ফাংগল কৰ্নিয়েল আলচাৰ।এই ৰোগৰ চিকিৎসা খুব সোনকালে কৰিব লাগে।অন্যথা গোটেই চকুৰ কৰ্নিয়াখন বগা হৈ অস্বচ্ছ হৈ যায় আৰু ৰোগীজন দৃষ্টিহীন হয়।কেতিয়াবা চকুৰ ভিতৰলৈ এই বীজাণু সংক্ৰমিত হৈ চকুটোৰ ভিতৰখন কেৱল পূঁজেৰে ভৰি পৰে আৰু চকুটো বচাবলৈ কোনো উপায় নাথাকে বাবে চকুটো অস্ত্ৰোপচাৰ কৰি উঠাই পেলাবলগীয়া হ পাৰে

    খুব বেছি কাহ হলে চকু ৰঙা পৰিব পাৰেচকু হঠাৎ ৰহা পৰিলে লাহে লাহে চকুযুৰি ধুব লাগে ।যাতে চকুত সোমাই থকা ধূলি-বালি ওাই যোৱাত সহায় হয়।ইয়াৰ বিপৰীতে জৰা-ফুকা কৰি বা গছৰ পাত,ফুলৰ ৰল আদি দিবলৈ চেষ্টা নকৰিব।খেতিপথাৰত কাম কৰোতে বা ৰাসয়নিক দ্ৰব্য ছটিয়াওঁতে সদায় চকুৰ প্ৰতি ৰক্ষা সঁজুলি ব্যৱহাৰ কৰা উচিত।

    চকুৰ বেমাৰত মাছ,মাংস,কণী,শাক-পাচলি আদি খোৱাত বাধা নাই।এই বিলাক খাদ্যবস্তুত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ ক থাকে।এনে খাদ্য যথেষ্ট নোখোৱাৰ ফলত শৰীৰত খাদ্যপ্ৰাণৰ অভাৱ হয় বাবে দৃষ্টিশক্তি কমে আৰু চকুৰ পানীৰ পৰিমাণ কমি যায় বাবে চকুৰ ঘা বেছিকৈ হয়।

    এটা কথা সদায় মনত ৰখা উচিত যে সাৱধানতা আৰু সচেনতাই আপোনাৰ চকুযুৰি সদায় সংৰক্ষিত কৰি ৰাখিব।চকুৰ ৰোগত চকু চিকিসকৰ পৰামৰ্শই সোনকালে আৰোগ্য লভাত সহায়ক হয়।

Post a Comment

0 Comments