শিশুৰ বিকাশত ইতিবাচক চিন্তাধাৰাৰ প্ৰয়োজনীয়তা
আজিৰ শিশু কাইলৈৰ ভৱিষ্যত। শিশু সকল সু-পথে পৰিচালিত হ'লেহে আমি ভৱিষ্যতে এখন সুন্দৰ আৰু শান্তিময় সমাজৰ সপোন দেখিব পাৰিম। সমাজৰ প্ৰগতিত ইতিবাচক চিন্তাধাৰাই যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। ঠিক সেইদৰে শিশু এগৰাকীক সুস্থ পৰিৱেশত সুশৃংখলভাৱে আৰু সুস্থ মানসিকতাৰে গঢ় দিবলৈও ইতিবাচক চিন্তাৰ অতি আৱশ্যক। শিশুৰ মানসিক, শাৰীৰিক আৰু সামাজিক বিকাশত ইতিবাচক চিন্তাধাৰাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিশু সকল সৰুৰে পৰা যি পৰিবেশত ডাঙৰ হয়, সেই পৰিবেশৰ ধৰণেই তাৰ ব্যক্তিত্ব, আত্মবিশ্বাস আৰু জীৱন গঢ় লৈ উঠে। ইতিবাচক চিন্তাধাৰাৰ জড়িয়তে শিশুৱে দায়িত্বশীল, আত্মবিশ্বাসী আৰু সুখী জীৱন গঢ়িবলৈ সক্ষম হয়।
ইতিবাচক চিন্তাধাৰাই শিশুক যিকোনো পৰিস্থিতিত সকাৰাত্মক দিশবোৰৰ প্ৰতি গুৰুত্ব দি আগবঢ়াত সহায় কৰে।আশা আৰু আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। । এই দৃষ্টিভংগীয়ে শিশুৰ অন্তৰ্নিহিত সামৰ্থ্য বিকশিত কৰি ভবিষ্যত জীৱন সুখময় আৰু সফল কৰাৰ ক্ষেত্ৰত সহায় কৰে।
শিশুৰ মানসিক বিকাশতো ইতিবাচক চিন্তাধাৰাই যথেষ্ট প্ৰভাৱ পেলায়। এনে
চিন্তাধাৰাই শিশুৰ আত্মবিশ্বাস গঢ়াত সহায় কৰে, যাৰ ফলত শিশুৱে
নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব পাৰে। শিশুৰ মনত জন্মলোৱা বিভিন্ন ভয় বা উদ্বেগ
ইতিবাচক চিন্তাধাৰাৰ সহায়ত সহজে দূৰ কৰিব পৰা যায়।সকাৰাত্মক মনোভাৱে শিশুক নতুন
নতুন চিন্তাধাৰা বিকাশ কৰিবলৈ উৎসাহ দিয়ে আৰু সমস্যাসমূহ সমাধান কৰিবলৈ সহায় কৰে।
ঠিক
তেনেদৰে সামাজিক বিকাশতো ইতিবাচক চিন্তাধাৰাৰ ভূমিকা অনেক দেখা যায়। ইতিবাচক
চিন্তা আৰু মনোভাৱৰ শিশুসকলে সহজে ভাল সম্পৰ্ক গঢ়িব পাৰে। এনে শিশুৱে আনৰ
দুখ-বেদনা অনুভৱ কৰি সহানুভূতি আৰু কৰুণাশীলতা বিকাশ কৰে লগতে দলীয় কাৰ্যকলাপত
আগ্ৰহেৰে অংশ লয়, যি সামাজিক দক্ষতা উন্নয়নৰ বাবে অতি
গুৰুত্বপূৰ্ণ।
ইয়াৰ লগে লগেই ইতিবাচক চিন্তাধাৰাই শাৰীৰিক বিকাশতো প্ৰভাৱ পেলোৱা দেখা
যায়। সকাৰাত্মক চিন্তাধাৰাই শিশুৰ শাৰীৰিক সুস্থতা উন্নত কৰাত সহায় কৰে। মনৰ
স্থিৰতা অনাৰ লগতে শিশুৰ মানসিক চাপ কমাই শাৰীৰিক সুস্থতা অটুট ৰখাত ইতিবাচক
চিন্তাধাৰাই সহায় কৰে।
ইতিবাচক চিন্তাধাৰা গঢ়িবলৈ শিশুক সদায় উৎসাহিত কৰা উচিত, যাৰ
জৰিয়তে শিশুসকল আত্মবিশ্বাসী হৈ উঠিব। পিতৃ-মাতৃ, শিক্ষক বা
অভিভাৱকৰ ইতিবাচক মনোভাৱেও শিশুৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়।শিশুক সদায় এক
শান্তিপূৰ্ণ, ভাল পৰিবেশত ৰখা উচিত যাতে শিশুসকলে ইতিবাচক
চিন্তা গঢ়িব পাৰে।তাৰ উপৰিও তেওঁলোকক আনন্দদায়ক কাৰ্যকলাপ , খেলা-ধূলা,
সৃজনশীল কামকাজ, সংগীত, চিত্ৰাঙ্কন আদি
কাৰ্যকলাপত অংশগ্ৰহণৰ সুযোগ দিয়া উচিত।এনে কৰিলে শিশুৰ ইতিবাচক চিন্তাধাৰা গঢ়াত
সহায়ক হ'ব। কাৰণ শিশুসকলক যেনেকুৱা ৰূপ দিব বিচৰা হয় তেনেকৈয়ে গঢ় দিব পৰা
যায়।
শিশুৰ সামগ্ৰিক বিকাশৰ বাবে ইতিবাচক চিন্তাধাৰা এক অপৰিহাৰ্য্য উপাদান।
ইয়াৰ সহায়ত শিশুৱে আত্মবিশ্বাসী, সুখী আৰু সফল জীৱন গঢ়িবলৈ সক্ষম হয়।
শিক্ষা, যি শিশুৰ ভৱিষ্যত গঠনৰ এক গুৰুত্বপূৰ্ণ অংশ, তাক ইতিবাচক চিন্তাধাৰাই
অধিক ফলপ্ৰসূ কৰি তোলে।এনে চিন্তাধাৰাই শিশুক যিকোনো পৰিস্থিতিতে নিজৰ সন্তুলন
অটুট ৰাখি সমাজৰ লগত সুন্দৰভাৱে সমাযোজিত হৈ আগবাঢ়ি যোৱাত সহায় কৰে।
~দীপ্তি কুমাৰ

0 Comments