ড’পামাইন..................
ড’পামাইন হৈছে মানৱ মগজুৰ নিৰ্দেশত প্ৰাকৃতিকভাৱে নিঃসৰিত হোৱা এক ৰাসায়নিক পদাৰ্থ।সৃষ্টিশীল কামে শৰীৰৰ ড’পামাইন তন্ত্ৰত ক্ৰিয়া কৰে।কোনো কথা বা কাৰ্য পৰিৱেশৰ প্ৰতি যেতিয়া আমি বিতৃষ্ণা-বিৰক্তি অনুভৱ কৰোঁ,তেতিয়া মনত উদ্ভৱ হোৱা অনুভূতিবোৰক ড’পামাইনে প্ৰভাৱিত কৰে।যেতিয়া আমি প্ৰশংসিত হওঁ,তেতিয়া মগজুত ড’পামাইনৰ পৰিমাণ বাঢ়ি যায়।উদাহৰণ স্বৰূপে কওঁ যে যেতিয়া সামাজিক মাধ্যম ফেচবুকত আপলোড কৰা কবিতা বা গল্প এটাই লাইক আৰু কমেন্ট আশানুসৰি লাভ কৰে,তেতিয়া আমি সঁচাই আনন্দিত হওঁ।ইয়াৰ সমান্তৰালভাৱে আলোচনী বা কাকততো একো একোটা কবিতা-গল্প প্ৰকাশ হ’লে আমি তেনেকুৱাই অনুভৱ কৰোঁ।মুঠতে সফলতা অনুভৱ কৰোঁ আৰু এই সফলতাই আমাাৰ মগজুত ড’পামাইন নিসঃৰণ ঘটাত অহিৰণা যোগায়।ফলস্বৰূপে আমাৰ মনত ইতিবাচক
অনুভূতিৰ সৃষ্টি হয়।কিন্তু তাৰ মাজতে এটা কথা উল্লেখনীয় যে আমি ইয়াৰ প্ৰতি আসক্ত হ’ব নালাগিব কিয়নো অত্যাধিক আসক্তিয়ে ড’পামাইন তন্ত্ৰত অহেতুক বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে।যদিও সৃষ্টিৰ আনন্দ অসীম-অতুলনীয় তথাপি আমি সকলোৱে সীমাৰ ভিতৰত থকা উচিত।একঘেয়েমী-একাকীত্ব পৰিহাৰ কৰি সামাজিক হ’বলৈ প্ৰয়াস কৰিব লাগে।সীমা অতিক্ৰমি কৰা কামে মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়,প্ৰকৃতিয়ে বেয়া পায়-এই কথাটো আমি মনত ৰখা উচিত।গতিকে লিখাৰ মাজে মাজে আমি অন্য কামো কৰিব লাগিব,যিটো প্ৰত্যেকৰে জীৱন-প্ৰণালীৰ এক অংগ।মহান বিজ্ঞানী আৰ্কিমিডিছে প্লাৱিতাৰ সূত্ৰ (Law of buoyancy) আৱিস্কাৰ কৰোঁতে যিদৰে ‘Eureka Eureka’ বুলি চিঞৰি পথলৈ বিবস্ত্ৰ শৰীৰৰে দৌৰিছিল,তেনেকুৱা ধৰণৰ অতিমাত্ৰা আনন্দ উল্লাসী হ’ব নালাগিব।মানুহ মাত্ৰেই উৎসাহী হ’ব লাগে কিন্তু অতি বেছি উৎসাহে অনিষ্টও হ’ব পাৰে।ভগৱান শ্ৰীকৃষ্ণয়ো গীতাত এনেদৰে কৈছে-আনন্দত থাকিলে মানুহে কথা ক’ব নালাগে,ক’লেও লেকাম ৰাখি ক’ব লাগে।শ্ৰীকৃষ্ণই ইয়াৰ জৰিয়তে বুজাব বিছাৰিছে যে আমি নিজক নিয়ন্ত্ৰণ কৰি চলিব লাগে,যাতে অনাগত দিনত বিপদত নপৰো।গতিকে আমি আত্মসংযমী হোৱা উচিত।এইখিনিতে এটা অতি স্পৰ্শকাতৰ কথা ক’ব বিচাৰিছোঁ।সামাজিক মাধ্যমবোৰৰ লাইক-কমেন্ট পঢ়ি পোৱা আনন্দতকৈ কাকত-আলোচনীত প্ৰকাশিত নিজৰ লিখনি দেখি পোৱা আনন্দ সম্পূৰ্ণ সুকীয়া,যিটো অকৃত্ৰিম।প্ৰণিধানযোগ্য পোৱা আনন্দই লেখকৰ মন আৰু দৈহিক স্বাস্থ্যক প্ৰতিপালনো কৰে।
এগৰাকী চিকিৎসকে ৰোগীক প্ৰদান কৰা চিকিৎসাৰ ফলত
যেতিয়া ৰোগীজনে আৰোগ্য লাভ কৰে আৰু সেই সংবাদ চিকিৎসকে নিজে জনাৰ পিছত তেওঁৰ কেনে প্ৰতিক্ৰিয়াৰ
সৃষ্টি হ’ব পাৰে সেয়া হয়তো ভাষাৰে বুজাই কোৱা কঠিন।ঠিক
সেইদৰে,এগৰাকী লেখকৰ লিখনি এটা কাকত-আলোচনীত প্ৰকাশ পোৱাৰ পিছত তেনেকুৱাই অনুভৱ
হয়।এইখিনিতে লেখকসকলে সাৱধানতা অৱলম্বন কৰা উচিত-সঘনাই এটা বিষয়ক উদ্দেশ্যি লিখা
থকা মানেই ডপামাইন তন্ত্ৰটোত ওপৰত কৈ অহাৰ দৰে বিশৃংখলাৰ সৃষ্টি কৰা।এয়া অৱশ্যেই
স্ব-সৃষ্ট বিশৃংখলা।ভাল লগা অনুভূতিটোৰ ক্ৰিয়াত আমাৰ অজ্ঞাতে মগজুটোৱে ভাবিব যে
ডপামাইন সৃষ্টিৰ প্ৰাকৃতিক প্ৰক্ৰিয়াটো(Natural Process)ত বৰ্তমান ইয়াৰ কোনো অৰিহণা
নাই।স্মৰ্তব্য বা যে এই অনাকাংক্ষিত অৱস্থাত মানৱ মগজুৰ ৰাসায়নিক ভাৰসাম্য(Chemical
Balance) বিনষ্ট হোৱাৰ দিশে গতি কৰে। ফলস্বৰূপে ভুক্তভোগী লেখকসকলৰ প্ৰাণোচ্ছলতা কমি
যায়।এনে পৰিস্থিতিত উক্ত লেখকসকলে চিন্তাশক্তি,আনন্দ-হাঁহি –স্ফূৰ্তি আদি সকলো
পলকতে হেৰুৱাই এখন কাল্পনিক তথা অবাস্তৱ জগতৰ সন্ধান কৰে।সমাজৰ পৰা বিচ্ছিন্নতা
অনুভৱ কৰি অকলশৰীয়াকৈ থাকিব বিচাৰে।স্কিজোফ্ৰেনিয়া (Schizophrenia) নামৰ ৰোগবিধত আক্ৰান্ত চৰিতৰ-ৰোগ পৰিলক্ষিত হোৱাৰ একমাত্ৰ কাৰণ হ’ল- শৰীৰত ডপামাইনৰ পৰিমাণ কমি যোৱা।আচলতে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ লগে লগে ভুক্তভোগীয়ে মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ যোৱাটো নিতান্তই প্ৰয়োজনীয়।এই ক্ষেত্ৰত আত্মীয়-স্বজনৰ বহু
কৰণীয় আছে,নিজৰ পৰিয়াল বা শুভাকাংক্ষীয়ে সদিচ্ছাৰে আগবাঢ়ি আহিব লাগে।ইতিকিং কৰাৰ
পৰিৱৰ্তে পাৰ্যমানে সহানুভূতি প্ৰদৰ্শন কৰিব লাগে।তেতিয়া নিশ্চয় সুফল পাব।এনেদৰে
এজন মনোৰোগ অভিমুখী লেখক কিম্বা মানুহৰ লগতে একো একোটা পৰিয়ালে সুনিশ্চিত ভৱিষ্যৎ লাভ
কৰিব বুলি আশা কৰিব পাৰি।
লেখক- হেৰম্ব নাথ,হিন্দুমৈজালী,কামৰূপ

0 Comments