“আত্মপ্ৰেম, আত্মসন্মান আৰু আত্মবিশ্বাস”
বৰ্তমান যুগত মানুহৰ জীৱন অতি ব্যস্ত আৰু জটিল। এই ব্যস্ততাৰ মাজত মানুহে বহু সময়তে নিজৰ মৰ্যাদা, বিশ্বাস আৰু মৰমক হেৰুৱাই পেলায়। মানুহ এজন জীৱনত আগুৱাই যাবলৈ বহুত গুৰুত্বপূৰ্ণ গুণৰ আৱশ্যক হয়।জীৱনৰ কঠিন পথত অজস্ৰ অৱস্থা, ব্যৰ্থতা আৰু বিপদৰ মাজত মানুহ এজনক আগুৱাই নিয়া শক্তিৰ উৎস হৈছে তেওঁৰ নিজৰ ভিতৰৰ বিশ্বাস, মৰম আৰু সন্মানবোধ। যিয়ে ব্যক্তিক কঠিন পৰিস্থিতিতো স্থিৰ কৰি ৰাখে আৰু নিজৰ লক্ষ্যৰ ফালে আগবঢ়াই নিয়ে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত নিজৰ ওপৰত বিশ্বাস, নিজক সন্মান আৰু নিজৰ প্ৰতি মৰম থকা মানুহেই সমাজত সুস্থিৰভাৱে জীয়াই থাকিব পাৰে।
আত্মপ্ৰেমৰ অৰ্থ হৈছে নিজৰ প্ৰতি মৰম আৰু যত্ন। সাধাৰণতে মানুহে আনক পছন্দ কৰে,আনৰ সুখ-দুখলৈ চিন্তিত হয়, কিন্তু নিজৰ মন আৰু শৰীৰৰ যত্ন ল’বলৈ প্ৰায় সময়তে পাহৰে। আত্মপ্ৰেম মানে স্বাৰ্থপৰ হোৱা নহয়। ই হৈছে — নিজৰ অনুভূতি, শাৰীৰিক আৰু মানসিক অৱস্থা, নিজৰ সপোন আৰু লক্ষ্যসমূহৰ প্ৰতি সজাগ আৰু যত্নবান হোৱা।
যি মানুহে নিজক ভাল পাব নোৱাৰে তেওঁ আনকো ভাল পাব নোৱাৰে।আত্মপ্ৰেম এনেকুৱা এক বিষয় য'ত মানুহে নিজক বিচাৰি পায়।আত্মপ্ৰেমে মানুহক জীয়াই থাকিবলৈ শিকায়। জীৱন উদযাপন কৰিবলৈ শিকায়। যিদৰে বাস্তৱ অভিজ্ঞতাই মানুহক জীৱন বাটত খোজ দিবলৈ শিকায়। ঠিক তেনেদৰে আত্মপ্ৰেমে জীৱন গঢ়িবলৈ শিকায়।
আজিৰ কঠিন প্ৰতিযোগিতামূলক সমাজত বহুত মানুহে নিজৰ ভিতৰৰ মূল্য হেৰুৱাই পেলায়। পৰীক্ষা, চাকৰি, প্ৰতিযোগিতা, সামাজিক মাধ্যমত সফলতাৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ফলত বহুতে নিজৰ জীৱনক নগণ্য বুলি ভাবিবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত আত্মপ্ৰেমে মানুহক নিজৰ সম্ভাৱনাৰ ওপৰত বিশ্বাস দিব পাৰে। আত্মপ্ৰেমে মানুহক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখে, মানসিকভাৱে সবল কৰে আৰু জীৱনৰ প্ৰতি এটা ধনাত্মক মনোভাৱ গঢ়ি তোলাত সহায় কৰে । ইয়াৰ ফলত মানুহৰ নিজৰ ওপৰত বিশ্বাস বৃদ্ধি পায়।
আত্মসন্মান বুলিলে ব্যক্তিয়ে নিজৰ মূল্য বুজি নিজকে সন্মান জনোৱাটোকে বুজা যায়। মানুহে যদি নিজৰ ব্যক্তিত্ব, মৰ্যাদা আৰু মূল্যক অনুভৱ নকৰে, তেন্তে সমাজত নিজৰ স্থান নিশ্চিত কৰি ৰখাত সমস্যাৰ সন্মুখীন হয়।আমাৰ সমাজত বহুতে আত্মপ্ৰেমক স্বাৰ্থপৰতা বুলি ভুল বুজি লয়। কিন্তু সেয়া সঁচা নহয়। নিজৰ প্ৰতি মৰম নথকা মানুহে আনকো সঁচা মৰম কৰিব নোৱাৰে।
আত্মসন্মান মানুহৰ নিজৰ চিন্তা, ব্যৱহাৰ আৰু নীতি-আদৰ্শৰ সৈতে জড়িত। আত্মসন্মান থকা মানুহে নিজকে সঁচা অৰ্থত কেতিয়াও পৰাধীন বা হীনমন্যতাগ্রস্ত নকৰে।আত্মসন্মান মানে হৈছে নিজৰ মূল্য বুজি লোৱা। আমি প্ৰায়েই আনৰ সমীপত নিজৰ সন্মান ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু বহুবাৰ নিজৰ সন্মান নিজেই হেৰুৱাই পেলাওঁ। আত্মসন্মান নাথাকিলে মানুহে আনৰ কথা অনুযায়ী চলিব লগা হয়। তেতিয়া নিজৰ ইচ্ছা, অভিমত আৰু অধিকাৰবোৰ লোপ পায়।
আত্মসন্মানেই মানুহক অনৈতিক কাম-কাজৰ পৰা ৰক্ষা কৰে। কেতিয়াবা জীৱনত অৱসাদ, দুৰ্গতি বা সমাজৰ গৰিহণাৰ সন্মুখীন হ’লেও আত্মসন্মান থকা মানুহে নিজৰ মূল আৰু নীতি আঁকোৱালি ধৰি ৰাখে। সেয়ে তেওঁ সকলোবোৰ কৰ্মত এটা মৰ্যাদাময় শৃংখলাৰ প্ৰতিফলন কৰিব পাৰে।
আত্মবিশ্বাস মানে হৈছে নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস। জীৱনত যিকোনো কাম কৰিবলৈ, লক্ষ্যত উপনীত হ’বলৈ, প্ৰতিযোগিতাৰ মুখামুখি হ’বলৈ আত্মবিশ্বাস অতি গুৰত্বপূৰ্ণ। আত্মবিশ্বাস নাই বুলি ক’ব পৰা মানুহে সঁচা অৰ্থত নিজৰ পূৰ্ণ সামৰ্থ্যৰ ব্যৱহাৰ কৰিব নোৱাৰে। যিমানে বুদ্ধি, জ্ঞান, দিশ বা শক্তি থকা নহওক, যদি আত্মবিশ্বাস নথাকে, তেন্তে মানুহজনে সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰে।
আজিৰ প্ৰযুক্তি-ভিত্তিক যুগত, আত্মবিশ্বাস থকা মানুহেই সফল হ’ব পাৰে। যি মানুহে নিজৰ ওপৰত বিশ্বাস নাৰাখে, সি আনৰ ওপৰতো বিশ্বাস কৰিব নোৱাৰে। নিজৰ সিদ্ধান্ত ল’বলৈ, নতুন প্ৰচেষ্টা কৰিবলৈ, পৰাজয়ক সন্মানজনকভাৱে গ্ৰহণ কৰিবলৈ আত্মবিশ্বাসৰ কোনো বিকল্প নাই। আত্মবিশ্বাসে মানুহক সাহসী কৰে। নতুন কাম আৰম্ভ কৰা, নতুন পৰিস্থিতিৰ সন্মুখীন হোৱা, বিপদৰ সন্মুখীন হ'লে দৃঢ়ভাৱে থকা — এই সকলোবোৰৰ মূল চাবি হ’ল আত্মবিশ্বাস।
আত্মপ্ৰেম, আত্মসন্মান আৰু আত্মবিশ্বাস একেটা মুকলি শৃংখলাৰ অংশ। নিজৰ মূল্য বুজি মানুহে নিজৰ আদৰ্শ আৰু নীতিৰে সমাজত আগবাঢ়ে। ইয়াৰ ফলত মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকে — যাক আত্মবিশ্বাস বুলি কোৱা হয়।
আজিকালি বেছিভাগ মানুহেই মানসিক দিশত বিপৰ্যস্ত। যান্ত্রিক জীৱন, প্ৰতিযোগিতামূলক সমাজ, পৰস্পৰ তুলনা আৰু সমাজৰ অযথা চিন্তাই মানুহক নিজৰ পৰা আঁতৰাই পেলাইছে। ইমান ব্যস্ততাৰ মাজত মানুহে নিজৰ যত্ন ল’বলৈ সময় নাপায়, ফলত মানসিক ৰোগ, উদ্বেগ আৰু হীনমন্যতা বৃদ্ধি পাইছে। এইক্ষেত্ৰত আত্মপ্ৰেম, আত্মসন্মান আৰু আত্মবিশ্বাসে মানুহক নিৰ্মল মনোভাৱেৰে জীৱন কটাবলৈ সহায় কৰে। এইবোৰ গুণ বিকাশ কৰাৰ বাবে নিজৰ শাৰীৰিক যত্ন ল’ব লাগিব — নিয়মিত ব্যায়াম, সঠিক আহাৰ, পৰ্যাপ্ত টোপনি, ধ্যান আদি। লগতে নিজৰ প্ৰিয় কামবোৰ কৰিবলৈ সময় উলিয়াব লাগিব, যেনে পঢ়া, লিখা, সংগীত, চিত্ৰাঙ্কন, খেল-ধূলা আদিৰ জৰিয়তে মানুহে নিজৰ মনক সতেজ কৰি ৰাখিব পাৰে।
শিক্ষাৰ ক্ষেত্ৰতো আত্মপ্ৰেম, আত্মসন্মান আৰু আত্মবিশ্বাস অতি প্ৰয়োজনীয়। এজন ছাত্ৰই যদি নিজৰ ওপৰত বিশ্বাস ৰাখে, তেতিয়া তেওঁ কঠিন বিষয়ো সহজে শিকিব পাৰে। শিক্ষক-অভিভাৱকে ছাত্ৰ-ছাত্ৰীৰ মাজত এই গুণবোৰ বিকাশ কৰিবলৈ সহায় কৰিব লাগে।কাৰণ যিকোনো প্ৰত্যাহ্বানত নিজৰ সন্মান অক্ষুণ্ণ ৰাখি আগুৱাই যাব পৰা ছাত্ৰই এদিন সমাজৰ বাবে মৰ্যাদাস্পদ ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব। শিক্ষালয়ত মানৱিক মূল্যবোধ, সন্মান আৰু আত্মবিশ্বাস গঢ়ি তোলাটো অতি জৰুৰী।
সমাজো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। সমাজত যদি অপৰাধ, হিংসা, বেয়া আচৰণৰ স্থান থাকে, তেন্তে মানুহে নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। সেয়েহে সমাজকো সুস্থ আৰু নৈতিক কৰি ৰাখিব লাগে।
আধুনিক মনোবিজ্ঞানেও এইবোৰ গুণৰ প্ৰয়োজনীয়তা প্ৰমাণ কৰিছে। সন্মান আৰু আত্মবিশ্বাসৰ অভাৱত মানুহৰ দীৰ্ঘকালীন উদ্বেগ, মানসিক ৰোগ, স্নায়ুৰ সমস্যা আদিয়ে দেখা দিয়ে। মনোবিজ্ঞানীসকলে কয় যে — প্ৰথমে নিজকে বুজক, মৰম কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক, পৰৰ সৈতে তুলনা কৰিব নালাগে।
আত্মপ্ৰেম, আত্মসন্মান আৰু আত্মবিশ্বাসে এজন মানুহক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে। এই তিনিটা গুণ একেলগে থাকিলে মানুহে কোনো বিপদত ভয় কৰিবলগীয়া নহয়। জীৱনত অনিশ্চয়তা থাকিলেও এই গুণবোৰে তেওঁক আগুৱাই যোৱাত সহায় কৰে। সেয়ে আমি সকলোৱে নিজৰ প্ৰতি মৰম, যত্ন , নিজৰ সন্মান ৰক্ষা কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি চলিব লাগে। আত্মপ্ৰেম, আত্মসন্মান আৰু আত্মবিশ্বাস কোনোমতে পৃথক নহয়। এই গুণবোৰে মানুহক সৎ, শক্তিশালী আৰু আনন্দময় জীৱন-যাপন কৰাত সহায় কৰে। মানসিক আৰু সামাজিক বিকাশৰ মূল বীজেই এই তিনিটা গুণ। সেয়ে, সমাজত সুস্থ জীৱন গঢ়িবলৈ মানুহে নিজৰ ভিতৰৰ এই গুণবোৰক সদায় সজাগ কৰি ৰাখিব লাগিব।যদি আমি আত্মপ্ৰেমেৰে নিজকে বুজি পাওঁ, আত্মসন্মানৰে নিজৰ নীতি আঁকোৱালি ধৰোঁ, আৰু আত্মবিশ্বাসেৰে আগবাঢ়োঁ, তেনেহ’লে কোনো বাধাই আমাক বিচলিত কৰিব নোৱাৰে । ই হৈছে এক সফল আৰু শান্তিপূৰ্ণ জীৱনৰ মূলমন্ত্ৰ।
~দীপ্তি কুমাৰ

0 Comments