শুক্ৰাণুৰ মাৰাথন :The sperm marathon

 

 শুক্ৰাণুৰ মাৰাথন 

 “চাল্লা জন্ম হবৰ বাবেও 300 মিলিয়ন শুক্ৰাণুৰ মাজত দৌৰ লগাব লগা হৈছিল । 1978 মোৰ জন্ম । ৰাতিপুৱা 5 বাজি 15 মিনিটত মোৰ জন্ম হৈছিল আৰু 5 বাজি 16 মিনিটত দেউতাই কৈছিল মোৰ লৰা ইঞ্জিনীয়াৰ হ” 

      --  3 IDIOTS নামৰ বহু চৰ্চিত ছবিখনৰ সংলাপ ৷ 

marathon sperm

     এই 300 মিলিয়ন শুক্ৰাণুৰ দৌৰখনত আপুনি বা মই জিকি আহোঁতে কিমাননো বাধাৰ সন্মুখীন হলো জানো আহক !  ..  

    শুক্ৰাণুবোৰ স্ত্ৰী দেহৰ বাবে বহিৰাগত সদৃশ ৷ গতিকে ই স্ত্ৰীদেহৰ অভ্যন্তৰণত প্ৰৱেশ কৰাৰ পিছত বহুতো বাধাৰ সন্মুখীন হবলগীয়া হয়। স্ত্ৰী ডিম্বৰ সৈতে নিষেচনৰ প্ৰাকক্ষণত ই সন্মুখীন হোৱা বাধা সমূহ এনেধৰণৰ -

    **  এনে বাধাসমূহৰ অন্যতম হৈছে স্ত্ৰী যোনিৰ অম্লতা। যোনিৰসৰ pH ৰ মান প্ৰায় 5 ৰ ওচৰাউচৰি হয় ৷  এনে এচিডীয় মাধ্যমত ক্ষাৰীয় গুণ সম্পন্ন শুক্ৰাণুসমূহ বহু পৰিমাণে নষ্ট হৈ যায়।

** পিছলৈ ৰৈ যোৱা শুক্ৰাণুসমূহৰ কিছুসংখ্যকে চাৰ্ভিকেল শ্লেষ্মা নামৰ তৰল পদাৰ্থবিধৰ জালত বন্দী হৈ যায় ৷ পৰৱৰ্তী ২ ঘন্টামানৰ ভিতৰত মাত্ৰ কেইবাহাজাৰ মান শুক্ৰাণুহে এই বাধা ভেদ কৰি জৰায়ু পায়গৈ ৷ 

** এইবাৰহে আৰম্ভ হৈ প্ৰতিকূলতাৰ অন্যতম যুঁজখন । এইবাৰ বাচি থকা শুক্ৰাণু সমূহৰ বিপক্ষে নিৰ্ণায়ক যুদ্ধঘোষণা কৰে মহিলাগৰাকীৰ দেহৰ স্বয়ংক্ৰিয় প্ৰতিৰোধ ব্যৱস্থাই ৷ যিহেতু আমাৰ দেহৰ বাবে বিসদৃশ যিকোনো বাহ্যিক বস্তুকেই এই প্ৰতিৰোধ ব্যৱস্থাৰ যোগেদি দেহৰ অভ্যন্তৰত প্ৰৱেশত বাধা দিয়া হয় ৷ সেয়েহে

মহিলা গৰাকীৰ দেহৰ ইমম্যুউন ব্যৱস্থাই শুক্ৰাণুসমূহকো স্বভাৱগত ভাবেই মাৰি পেলাবলৈ লয় ৷ স্ত্ৰী দেহত থকা তেজৰ শ্বেতৰক্ত কণিকা (WBC) য়ে শুক্ৰাণুবোৰক চাৰিওপিনৰ পৰাই আক্ৰমণ আৰম্ভ কৰে ৷ নিজকে বৰ্তাই ৰখাৰ এই যুঁজখনত ফেলপিয়ানটিউবৰ অভ্যন্তৰণ পায়গৈ মানে একেবাৰে আৰম্ভণিৰ 250 মিলিয়নৰ মাত্ৰ 20 - 100 টা মান শুক্ৰাণুহে বাচি থাকেগৈ ৷ 

** ইমান প্ৰতিকূলতাৰ বিপৰীতে যুঁজি যি নুন্যতম সংখ্যক শুক্ৰাণু ৰৈ যায় সিহঁতে নিজকে এই অৱস্থাৰ সপক্ষে জীয়াই ৰাখিবলৈ দৈহিকভাৱে অভিযোজন কৰে ৷ একেলগে নিষেচনৰ বাবেও  নিজকে প্ৰস্তুত কৰি তোলে ৷ এনে শুক্ৰাণুসমূহে ফেলপিয়ান টিউবত 3 ৰ পৰা 5 দিন পৰ্যন্ত ডিম্বৰ বাবে অপেক্ষা কৰে ৷ গৰ্ভাশয়ৰ পৰা মুকলি হৈ অহা ডিম্বৰ সৈতে মাত্ৰ এটা শুক্ৰাণুহে নিষেচিত হৈ যোজন কোষ গঠন কৰে ৷ পিতৃ আৰু মাতৃ জননকোষৰ DNA ৰ অংশ মিলনহৈ সৃষ্টি হোৱা এনে একোটা কোষ পুনৰাই বিভাজিত হৈ আপুনি বা মই নামৰ বহুকোষী জীৱ একোটা জন্ম পাওঁ । 

 

 

ধ্ৰুৱজ্যোতি কলিতা ,

 

Post a Comment

0 Comments